নেচনেল ডেস্ক:
গুজৰাটৰ চুৰাট বিমান বন্দৰৰ শুল্ক বিভাগৰ বৃহৎ সফলতা। এক কেজি সোণসহ গ্ৰেপ্তাৰ দুগৰাকী বোৰ্খা পৰিহিত মহিলা। বিমান বন্দৰৰ ভিতৰত মহিলা দুগৰাকীক লৈ সন্দেহ ওপজাত শুল্ক বিভাগৰ বিষয়াসকলে নিৰাপত্তাজনিত পৰীক্ষা কৰোতে ওলাই পৰে সোণখিনি। সোনখিনি শ্বাৰজাহৰ পৰা চুৰাটলৈ সৰবৰাহ কৰিছিল। শ্বাৰজাহৰ পৰা চুৰাটলৈ সোণখিনি দুই মহিলাই কাপোৰ কিনিবলৈ অহা বুলি দাবী কৰা বুলি শুল্ক বিভাগৰ সূত্ৰে জানিবলৈ দিয়ে। ট্ৰলীৰ লাগেজৰ কভাৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ হয় সোণখিনি। ধৃত দুই মহিলাৰ পৰা অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত আছে।
শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হোৱাৰ পিছৰে পৰা বৃদ্ধি পাইছে চোৰাং ব্যৱসায়ৰ গোচৰ । জানিব পৰা মতে, শুল্ক পৰীক্ষাৰ পৰা হাত সাৰিবলৈ চোৰাং ব্যৱসায়ী আৰু সৰবৰাহকাৰীয়ে অৱলম্বন কৰিছে বিভিন্ন কৌশল । আনহাতে বিমানবন্দৰত চোৰাং ব্যৱসায়ৰ গোচৰ আৰু অন্যান্য অবৈধ কাৰ্যকলাপৰ অন্ত পেলাবলৈ গ্ৰহণ কৰা হৈছে কেইবাটাও ব্যৱস্থা ।।