কাশ্মীৰৰ বাৰামুল্লাত গ্ৰেপ্তাৰ লস্কৰ-ই-তৈবাৰ এটা দুধৰ্ষ সন্ত্ৰাসবাদী!

সন্ত্ৰাসবাদীটোক তালাচীৰ সময়ত উদ্ধাৰ কৰা হয় একে-৪৭ৰ ৭১টা সজীৱ গুলী

নেচনেল ডেস্ক:

ম্মু-কাশ্মীৰৰ বাৰামুল্লাত গ্ৰেপ্তাৰ লস্কৰ-ই-তৈবাৰ এটা দুধৰ্ষ সন্ত্ৰাসবাদী। ধৃত সন্ত্ৰাসবাদীটোৰ পৰা উদ্ধাৰ বুজন পৰিমানৰ গুলী। খবৰটো সদৰি কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে। উত্তৰ কাশ্মীৰ জিলাৰ ছিংপোৰা পট্টনত নাকা তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীয়ে গেপ্তাৰ কৰে ‘ফেৰাণ’ (পৰম্পৰাগত পোছাক) পৰিহিত সন্ত্ৰাসবাদীটোক ।

সন্ত্ৰাসবাদীটোক তালাচীৰ সময়ত উদ্ধাৰ কৰা হয় একে-৪৭ৰ ৭১টা সজীৱ গুলী। ধৃত সন্ত্ৰাসবাদীটো বনিচাকাল আৰামপোৰা পট্টনৰ আলী মহম্মদ ভাট বুলি জানিব পৰা গৈছে। আলী মহম্মদ ভাটৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.