ছত্তীশগড়ৰ মহাচামুণ্ড জিলাত ভয়ংকৰ ঘটনা!

এটা ইটাভাটাত একেলগে পাঁচজন শ্ৰমিকৰ মৃত্যু

নেচনেল ডেস্ক:

ত্তীশগড়ৰ মহাচামুণ্ড জিলাত ভয়ংকৰ ঘটনা। জিলাখনৰ গড়ফুলঝাৰ অঞ্চলৰ এটা ইটাভাটাত একেলগে পাঁচজন শ্ৰমিকৰ মৃত্যু ঘটাৰ বিপৰীতে এজন শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হয় । আৰক্ষীয়ে জনোৱা অনুসৰি বিষাক্ত ধোঁৱাৰ বাবে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে শ্ৰমিককেইজনৰ।

আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ চাবাই কয় যে, মঙলবাৰে নিশা ইটা জ্বলোৱা হোৱাৰ পিছতে ছয়জন শ্ৰমিক একেলগে শুবলৈ যায়। কিন্তু বুধবাৰে ৰাতিপুৱা একাংশই শ্ৰমিককেইজনক অচেতন অৱস্থাত উদ্ধাৰ কৰে। উদ্ধাৰ হোৱাসকলৰ পাঁচজন শ্ৰমিকৰ ইতিমধ্যেই মৃত্যু ঘটিছিল । আনহাতে এজন শ্ৰমিকক অচেতন অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে ইটাভাটাৰ পৰা কাৰ্বন মনোক্সাইড নিৰ্গমনৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে ৫ শ্ৰমিকৰ। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.