আজি ১৬ মাৰ্চ

▶️আজি যক্ষ্মা ৰোগ নিবাৰণী দিৱস।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই বিশ্বৰ প্ৰথমটো আধুনিক ৰকেট নিৰ্মাণ কৰিছিল মাৰ্কিন পদাৰ্থবিদ ৰবাৰ্ট গডাৰ্ডে।
▶️১৯৪০ চনৰ এই দিনটোতেই নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা সাহিত্যিক ছুইডেনৰ ছেলমা লাগেৰলফৰ মৃত্যু ঘটিছিল। তেওঁ ১৯০৯ চনত লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯৭২ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ মৃত্যু ঘটিছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই লাহোৰ-নতুন দিল্লীৰ মাজত পোনপটীয়া বাছসেৱা মুকলি হৈছিল।
▶️১৮৩৯ চনৰ আজিৰ দিনটোতেই সাহিত্যত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী সাহিত্যিক ছালী প্ৰুধোমৰ পেৰিছত জন্ম হৈছিল। ১৯০১ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই বাংলা সাহিত্যৰ প্ৰসিদ্ধ লেখক ৰাজশেখৰ বসু(পৰশুৰাম নামে খ্যাত)ৰ জন্ম হৈছিল।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই ষষ্ঠ লোকসভাৰ নিৰ্বাচন আৰম্ভ হৈছিল।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই বিদ্ৰোহী সংগঠন আলফাৰ ‘সৈনিক দিৱস’ পালন।
▶️২০০৫ চনৰ আজিৰ দিনটোতেই শচীন তেণ্ডুলকাৰৰ টেষ্ট ক্ৰিকেটত ১০ হেজাৰ ৰাণ সম্পূৰ্ণ।।

You might also like
Leave A Reply

Your email address will not be published.