ভাৰতৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব' মাষ্টাৰচেফ ইণ্ডিয়া চিজন -৭ত উজলিল অসমৰ দুগৰাকী সন্তান।

নিউজ ডেস্ক

ভাৰতৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া চিজন -৭ত উজলিল অসমৰ দুগৰাকী সন্তান। এগৰাকীয়ে এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰাৰ লগতে আনগৰাকীয়ে প্ৰথম ৰানাৰ্চ আপ হিচাপে জয় লাভ কৰিলে । উল্লেখ্য যে, এই প্ৰতিযোগিতাৰ ফাইনেলত শীৰ্ষ তিনিজন প্ৰতিযোগী আছিল ক্ৰমে অসমৰ নয়নজ্যোতি শইকীয়া, শান্তা পৱন শৰ্মা আৰু মুম্বাইৰ সুৱৰ্ণ বাগুল। উল্লেখনীয় যে, ২৬ বছৰীয়া নয়নজ্যোতিয়ে কোনো পেছাদাৰী শিক্ষা অবিহনে বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন ৰান্ধিবলৈ শিকিছে । স্বকীয় চিন্তাৰে ৰন্ধন শৈলীত নতুনত্ব অনাৰ প্ৰয়াস কৰে নয়নজ্যোতিয়ে । ২০২০ চনত নয়নজ্যোতিয়ে নৰ্থ-ইষ্ট কুকিং চেম্পিয়নশ্বিপতো প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.