মাজ আকাশত সুৰাসক্ত যাত্ৰীৰ উদ্ভণ্ডালি!

বিমানত মদ্যপান কৰা ছুইডিছ যাত্ৰীৰ এয়াৰ হোষ্টেছক 'নিৰ্যাতন' চলোৱাৰ অভিযোগ!

নিউজ ডেস্ক:

মাজ আকাশত সুৰাসক্ত যাত্ৰীৰ উদ্ভণ্ডালি! মুম্বাই অভিমুখী ইণ্ডিগ’ বিমানত মদ্যপান কৰা ছুইডিছ যাত্ৰীৰ এয়াৰ হোষ্টেছক ‘নিৰ্যাতন’ চলোৱাৰ অভিযোগ। লগতে সহযাত্ৰীক অকথ্য গালি-গালাজ কৰাৰো অভিযোগ। বৃহস্পতিবাৰে চাৰি ঘণ্টীয়া বেংকক-মুম্বাই 6E-1052 নম্বৰৰ ইণ্ডিগ’ ফ্লাইটত সংঘটিত হয় এই ঘটনা। অভিযুক্ত যাত্ৰীজনৰ নাম ক্লাছ এৰিক হাৰাল্ড জ’নাছ ৱেষ্টবাৰ্গ বুলি জানিব পৰা গৈছে।

বেংককৰ পৰা মুম্বাইলৈ যোৱা ইণ্ডিগ’ বিমানখনত এজন মদ্যপান কৰা ছুইডেনৰ যাত্ৰীয়ে ২৪ বছৰীয়া কেবিন ক্ৰুক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।
মদ্যপান কৰা যাত্ৰীগৰাকীয়ে খাদ্য পৰিবেশন কৰাৰ সময়ত এয়াৰ হোষ্টেছৰ সৈতে অসৎ আচৰণ কৰা বুলি জানিব পৰা গৈছে। এয়াৰ হোষ্টেছগৰাকীয়ে ৬৩ বছৰীয়া যাত্ৰীজনক বিমানখনত কোনো খাদ্য উপলব্ধ নহয় বুলি জনোৱাৰ পিছতে সংঘটিত হয় এই ঘটনা। এয়াৰ হোষ্টেছগৰাকীয়ে যাত্ৰীগৰাকীৰ পৰা উপলব্ধ খাদ্যৰ বাবে ধন ল’বলৈ চেষ্টা কৰাৰ সময়তে বিমান পৰিচালিকাগৰাকীৰ হাতত ধৰিছিল বুলি জানিব পৰা গৈছে। যেতিয়া বিমানৰ ক্ৰু মেম্বাৰে প্ৰতিবাদ সাব্যস্ত কৰে তেতিয়া অভিযুক্তই থিয় হৈ এয়াৰ হোষ্টেছগৰাকীক নিৰ্যাতন চলাইছিল বুলি মুম্বাই আৰক্ষীক অভিযোগ দিয়া বুলি জানিব পৰা গৈছে। নিজৰ আসনলৈ উভতি আহিবলৈ বাধ্য হোৱা অভিযুক্তজনে পুনৰ থিয় হৈ বিমানখনত থকা সহযাত্ৰী আৰু অন্যান্য কৰ্মচাৰীসকলক গালি-গালাজ কৰাৰ লগতে নিৰ্যাতন চলোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে কেবিন ক্ৰুৱে কেপ্তেইনক এই বিষয়ে অৱগত কৰে আৰু মুম্বাই বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰে অভিযুক্তক ।

জানিব পৰা মতে, অভিযুক্তক আন্ধেৰী মহানগৰ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাৰ পাছত শুকুৰবাৰে ২০ হাজাৰ টকাৰ জৰিমনাৰে জামিন মঞ্জুৰ কৰা হয়।।

You might also like
Leave A Reply

Your email address will not be published.