বিদেশত ভাৰতীয় পৰিয়ালৰ কৰুণ মৃত্যু!

কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধ ভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতে সলিল সমাধি ঘটে পৰিয়ালটোৰ

নেচনেল ডেস্ক:

বিদেশত এটা ভাৰতীয় পৰিয়ালৰ কৰুণ মৃত্যু । কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধ ভাৱে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোতে সলিল সমাধি ঘটে পৰিয়ালটোৰ । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ছেইণ্ট লৰেন্স নদী পাৰ হৈ কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱেশ কৰাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোকে নদীত কিবা ওপঙি থকা দেখা পাই আৰক্ষীক অৱগত কৰিছিল ।পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰথমে ছটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও পাছত পুনৰ দুটা মৃতদেহ উদ্ধাৰ কৰে । মৃত সকলৰ পৰা পাছপৰ্টো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। মৃতসকলৰ মাজত আছে তিনি বছৰতকৈও কম বয়সৰ দুটি শিশু।।

You might also like
Leave A Reply

Your email address will not be published.