ভেটাপাৰাৰ স্বৰ্ণলতা পথত ডিঙি কটা অৱস্থাত উদ্ধাৰ এজন যুৱ অধিবক্তাৰ মৃতদেহ।

নিউজ ডেস্ক:

গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা। ভেটাপাৰাৰ স্বৰ্ণলতা পথত ডিঙি কটা অৱস্থাত উদ্ধাৰ এজন যুৱ অধিবক্তাৰ মৃতদেহ। নিজ বাসগৃহৰ ভিতৰতে উদ্ধাৰ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কন্দৰ্প ওজা নামৰ যুৱকজনৰ মৃতদেহ।

অধিবক্তাজনৰ পিতৃৰ ভাষ্য অনুসৰি নিজৰ কোঠাৰ ভিতৰতে দাৰে ডিঙি কাটি আত্মহত্যা কৰে তেওঁৰ পুত্ৰই।

ইতিমধ্যে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। ঘটনাৰ নিশ্চিত কাৰন পোহৰলৈ অনাৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.