নেচনেল ডেস্ক:
মধ্যপ্ৰদেশৰ জবলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ১২ চকীয়া ট্ৰাকে মহতিয়াই নিলে ৰাস্তাৰ কাষত থিয় হৈ থকা বহু লোকক।ফলত থিতাতে নিহত হয় দুজন লোক।আনহাতে গুৰুতৰভাৱে আহত হয় আঠজনকৈ লোক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাটো জবলপুৰ-নৰসিংপুৰ ঘাইপথত সংঘটিত হৈছে। ভুক্তভোগীসকল এখন বিয়াৰ পৰা উভতি অহাৰ পথত ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত দ্ৰুতবেগী ট্ৰাকখনে পিছফালৰ পৰা আহি খুন্দা মাৰি মহতীয়াই নিয়ে। নিহত লোক দুজনৰ নাম জাহিদ হুছেইন আৰু মহম্মদ নাছিম।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like