আজি ৯ জুলাই

➡️ ১৫৩৩ চনৰ ৯ জুলাইত বংগৰ বৈষ্ণৱ কবি শ্ৰীচৈতন্য দেৱৰ মৃত্যু হৈছিল ।

➡️ আৰ্জেণ্টিনাই স্বাধীনতা লাভ কৰিছিল ১৮১০ চনৰ আজিৰ দিনটোতে।

➡️ ১৮১৯ চনৰ ৯ জুলাইত আধুনিক চিলাই কলৰ আৱিষ্কাৰক ইলিয়াছ হাওৰ আমেৰিকাৰ মেচাচুছেট্‌ছ চহৰত জন্ম হৈছিল।

➡️ মুম্বাইত ভাৰতৰ প্ৰথমটো ষ্টক অক্সচেঞ্জ প্ৰতিষ্ঠা কৰা হৈছিল ১৮৭৫ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৫১ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা (১৯৫১-৫৬) ঘোষণা কৰা হৈছিল।

➡️ ১৯৬৯ চনৰ ৯ জুলাইত ‘সিংহ’ক ভাৰতৰ ৰাষ্ট্ৰীয় পশু ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল ।

➡️ ভাৰতৰ দশম লোকসভা গঠন কৰা হৈছিল ১৯৯১ চনৰ ৯ জুলাইত।

➡️ পথাৰৰ কবি ৰাম গগৈৰ মৃত্যু হৈছিল ১৯৯৪ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৯৭ চনৰ ৯ জুলাইত মঙ্গল গ্ৰহ অভিমুখী মহাকাশযান ‘পাথফাইণ্ডাৰে’ মঙ্গল গ্ৰহত পৃথিৱীৰ দৰে শিলৰ গঠনৰ আৱিস্কাৰ কৰিছিল।

➡️ ৰাজ্যসভাৰ উপাধ্যক্ষ পদত চতুৰ্থ বাৰৰ বাবে নাজমা হেপতুল্লা নিৰ্বাচিত হৈছিল ১৯৯৮ চনৰ আজিৰ দিনটোতে।

➡️ নুমলীগড়ত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ মুকলি কৰা হৈছিল ১৯৯৯ চনৰ ৯ জুলাইত।

➡️ ১৯৯৯ চনৰ ৯ জুলাইত পাক অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা ভাৰতীয় সেনাৰ বাটালিক উদ্ধাৰ কৰা হৈছিল।

➡️ ১৯৯৯ চৈয়দ আব্দুল মালিক আৰু ভৱেশ সান্যালক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান হৈছিল আজিৰ দিনটোতে।

➡️ সংস্কৃত পণ্ডিত , প্ৰাক্তন সাংসদ বিশ্বনাৰায়ন শাস্ত্ৰীৰ মৃত্যু হৈছিল ২০০২ চনৰ ৯ জুলাইত।

➡️ ২০০৬ চনৰ আজিৰ দিনটোতে বিশ্বকাপ ফুটবলত ইটালী চেম্পিয়ন হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.