গুৱাহাটীত পুনৰ এনকাউন্টাৰ!

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

নিশা জালুকবাৰীত আৰক্ষীৰ গুলীত আহত হৈছে কুখ্যাত ইৰাণী গ্ৰুপৰ এটা সদস্য। আৰক্ষীৰ গুলীত আহত ইৰাণী দলৰ বন্তি যাদৱ। যোৱা ৬ জুলাইত মহিলাৰ ডিঙিৰ চেইন কঢ়াৰ চেষ্টা চলাওঁতে মালিগাৱঁত স্থানীয় ৰাইজে ধৰি আৰক্ষীক গতাই দিছিল অপৰাধীটোক।কালি নিশা ইৰাণী দলৰ সদস্যটোক লৈ আৰক্ষীৰ দলে তেতেলিয়ালৈ অভিযান চলাবলৈ যোৱা অবস্থাত দুৰ্বৃত্তটোৱে আৰক্ষীৰ কাৰ্বাইন কাঢ়ি পলায়নৰ চেষ্টা কৰে। ফলত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰাত ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয় দুৰ্বৃত্তটো।

আৰক্ষী সুত্ৰৰ মতে ৰাজধানী চহৰখনত বিহাৰ,পশ্চিমবংগৰ কুৰিজনীয়া অপৰাধীৰ দল প্ৰবেশ কৰি বিভিন্ন কুটাঘাটৰ জাল পেলাইছে।।

You might also like
Leave A Reply

Your email address will not be published.