ইন্টাৰনেচনেল ডেস্ক-
ভিক্ষাৰীৰ মাহিলী অৰ্জন কিমান হ’ব পাৰে বাৰু ? আমি আজি এনে এগৰাকী ভিক্ষাৰীৰ কথা কম যাৰ মাহিলী অৰ্জনৰ কথা শুনিলে আপোনাৰ চকু কপালত উঠিব। এগৰাকী ভিক্ষাৰীয়ে মাহে অৰ্জন কৰে ১৯ লাখকৈ টকা। শুনিবলৈ অবিশ্বাস্য যেন লাগিলেও এয়া এক সঁচা ঘটনা। এই কথা পোহৰলৈ আহিছে ডুবাইত এগৰাকী ভিক্ষাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত। ভ্ৰমণ ভিছা লৈ ডুবাইত ভিক্ষা মাগি ফুৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে আৰু তাৰ পিছতেই পোহৰলৈ আহে এই আশ্বৰ্যকৰ কথা। কোনো পৰ্যতন কোম্পানীৰ জৰিয়তে ডুবাইত ভিক্ষা বৃত্তিত জড়িত হৈ পৰা মহিলাগৰাকীয়ে বিভিন্ন ঠাইত ভিক্ষা খুজি মাহে প্ৰতি অৰ্জন কৰে ১৯ লাখ টকা। উল্লেখযোগ্য যে ডুবাইত কোনো লোকে ভ্ৰমণ ভিছা লৈ ভিক্ষা কৰি ধৰা পৰিলে তেওঁক জৰিমণা বিহা হয়। ডুবাই পুলিছে ২০১৮ চন পৰ্যন্ত এনেধৰণৰ ভিছা লৈ ভিক্ষা বৃত্তিত নমা ২৪৩জনক গ্ৰেপ্তাৰ কৰিছে।।