ইৰাকৰ নীনভে প্ৰদেশৰ হামদানিয়া জিলাত ভয়ংকৰ ঘটনা

জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় কমেও ১১৫ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

ৰাকৰ নীনভে প্ৰদেশৰ হামদানিয়া জিলাত ভয়ংকৰ ঘটনা। বুধবাৰে পুৱা বিবাহ উদযাপনৰ সময়ত সংঘটিত হোৱা অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় কমেও ১১৫ গৰাকী লোক। মৃতকসকলৰ মাজত দৰা-কইনাও আছিল।আনহাতে অগ্নিকাণ্ডত আঘাটপ্ৰাপ্ত হয় ১৫০ গৰাকী লোক। খবৰ মতে, উদযাপনৰ সময়ত আতচবাজী জ্বলোৱাৰ পিছতে ইভেণ্টছ হলটো জুয়ে আৱৰি ধৰে।

ইৰাকৰ অৰ্ধস্বায়ত্তশাসিত কুৰ্দিস্তান অঞ্চলৰ ফেডাৰেল ইৰাকী কৰ্তৃপক্ষই এম্বুলেন্স আৰু চিকিৎসা কৰ্মীক ততাতৈয়াকৈ ঘটনাস্থালীলৈ প্ৰেৰণ কৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাটোৰ জ্বলি যোৱা ধ্বংসাৱশেষৰ মাজত জীৱিত লোকৰ সন্ধানত অভিযান চলায়।।

You might also like
Leave A Reply

Your email address will not be published.