আজি ২৮ ছেপ্টেম্বৰ

▶️১১০৬ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ নৰ্মাণ্ডি অধিকাৰ। ইংলেণ্ড আৰু নৰ্মাণ্ডিৰ পুনৰ একত্ৰিকৰণ।
▶️১৮০৩ চনৰ এই দিনটোতেই প্ৰখ্যাত ফৰাচী উপন্যাসিক প্ৰছপাৰ মেৰিমৰ জন্ম হৈছিল। ‘কলম্বো’ আৰু ‘কাৰমেন’ তেওঁৰ দুখন প্ৰসিদ্ধ উপন্যাস।
▶️১৮৩৮ চনৰ আজিৰ দিনটোতেই ৬২ বছৰ বয়সত বাহাদুৰ শ্বাহ (দ্বিতীয়)ৰ মোগল সিংহাসনত আৰোহণ। মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট বাহাদুৰ শ্বাহ (দ্বিতীয়)ই চিহাহী বিদ্ৰোহত অভিযুক্ত হৈ প্ৰাণ দিব লগা হৈছিল।
▶️১৮৯৫ চনৰ আজিৰ দিনটোতেই ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰৰ মৃত্যু ঘটিছিল।
▶️১৯২৯ চনৰ এই দিনটোতেই কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰৰ জন্ম হৈছিল।
▶️১৯৮৯ চনৰ এই দিনটোতেই ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ দেহাৱসান।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই নৰ্মদা উপত্যকা প্ৰকল্প বাতিলৰ দাবীত ভাৰতৰ বিভিন্ন ঠাইৰ ৬০ হেজাৰ পুৰুষ-মহিলাৰ মধ্য প্ৰদেশত বিক্ষোভ প্ৰদৰ্শন।
▶️২০০১ চনৰ আজিৰ দিনটোতেই জগমোহন ডালমিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ নিৰ্বাচিত।
▶️২০০২ চনৰ এই দিনটোতেই বিপজ্জনকভাৱে গাড়ী চলোৱাৰ অভিযোগত বলিউডৰ তাৰকা ছালমান খানক গ্ৰেপ্তাৰ। তেওঁৰ গাড়ীৰ খুন্দাত এজন লোক নিহত হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই ইংৰাজী ভাষাৰ প্ৰখ্যাত ভাৰতীয় সাহিত্যিক মুলকৰাজ আনন্দৰ দেহাৱসান।।

You might also like
Leave A Reply

Your email address will not be published.