কিদৰে হেমা হৈছিল সুৰীয়া লতা!

ওপজা দিনত সশ্ৰদ্ধ স্মৰণ!

শান্তনু বৰগোহাঁইৰ একলম

জি ভাৰত ৰত্ন লতা মঙ্গেশকাৰৰ ওপজা দিন। সৰু কালত লতা মঙ্গেশকাৰৰ পিতৃ প্ৰদত্ত নাম আছিল হেমা । এবাৰ স্থানীয় ভাৱে প্ৰদৰ্শিত হোৱা এখন মাৰাঠী নাটকত তেখেতে ‘লতিকা’ নামৰ এজনী কণমানি বালিকাৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই সময়ত তেখেতৰ অভিনয় সকলোৱে ইমান ভাল পালে যে পিচলৈ সেই চৰিত্ৰটোৰ দৰে সকলোৱে তেখেতক ‘লতা’ বুলি মাতিবলৈ লোৱা হ’ল, আৰু এনেদৰেই এদিন ‘হেমা’ নামটো পাহৰণিৰ গৰ্ভলৈ গৈ ‘লতা’ নামটো পৰিচিত হৈ পৰিল। আপুনি জানেনে, কিশোৰী কালত লতা মঙ্গেশকাৰৰ আটাইতকৈ প্ৰিয় শিল্পী গৰাকী কোন আছিল, যাক লগ পোৱাৰ দুৰন্ত হেঁপাহে তেখেতক প্ৰায়ে আকুল কৰি তুলিছিল?
সেই প্ৰখ্যাত সংগীত শিল্পীগৰাকী আছিল কুণ্ডল লাল সাইগল। পোন্ধৰ বছৰীয়া শৈল্পিক জীৱনত সাইগলে মুঠ পঁচিশ খন ছবিত অভিনয় কৰাৰ লগতে এশ এটা গীত গাই অভাৱনীয় জনপ্ৰিয়তা লাভ কৰিছিল। সাইগলৰ গীতৰ প্ৰতি লতা মঙ্গেশকাৰৰ ইমানেই আকৰ্ষণ আছিল যে নিজে চিনেমাত গান গাবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা মাননী হিচাপে পোৱা টকাৰ কিছু অংশ সদায় সাঁচি থৈ গৈছিল। ইয়াৰ উদ্দেশ্য আছিল, সেই সাঁচি থোৱা টকাৰে এটি ভাল ৰেডিঅ’ কিনিব আৰু সেই ৰেডিঅ’ত কে.এল.সাইগলৰ গীত শুনিবলৈ পাব। কিছুদিনৰ পিচত তেখেতৰ প্ৰয়োজনীয় টকা খিনি জমা হ’ল আৰু সেই টকাৰে এটা ধুনীয়া ৰেডিঅ’ কিনি আনিলে লতাজীয়ে। ঘৰত লতাজীয়ে আথে-বেথে ৰেডিঅ’ ‘অন’ কৰিলে। কিন্তু বিধিৰ কি আচৰিত বিধান, কিছু সময়ৰ পিচতে ৰেডিঅ’ত ভাহি আহিল এটা অভাৱনীয় আশ্চৰ্যজনক খৱৰ!খৱৰটো আছিল, প্ৰখ্যাত গায়ক, অভিনেতা কে.এল. সাইগল আৰু ইহ সংসাৰত নাই! এই অকল্পনীয় বাতৰিটোৱে লতা মঙ্গেশকাৰক ঠাইতে মূক কৰি তুলিলে। কে.এল.সাইগলক লগ পোৱাৰ আশা চিৰদিনলৈ শেষ হৈ গ’ল। বৰ আশাৰে কিনি অনা ধুনীয়া হেঁপাহৰ ৰেডিঅ’টো লতাজীয়ে সেই প্ৰথম দিনাই যি ত্যাগ কৰিলে,পিচলৈ সেইটোক আৰু এদিনো স্পৰ্শ কৰা নাছিল।

১৯৪৮ চন । লাহোৰৰ পৰা বোম্বাই লৈ আহিছিল তেতিয়াৰ প্ৰখ্যাত সঙ্গীত পৰিচালক গোলাম হাইদৰ চাহেব। সেই সময়ত ওস্তাদ আমানত খাঁ চাহেবৰ অধীনত শাস্ত্ৰীয় সঙ্গীতৰ শিক্ষা গ্ৰহণ কৰি থকা লতাজীয়ে এদিন গোলাম হাইদৰ চাহেবক সাক্ষাৎ কৰিলেগৈ। উদ্দেশ্য, কিবাকৈ সেই প্ৰখ্যাত পৰিচালক গৰাকীৰ লগত ছবিত গীত গাব পাৰি নেকি তাৰ সন্ধান কৰা। কাকতালীয় ভাবে এই সাক্ষাতৰ কিছু দিনৰ পূৰ্বে লতাজীয়ে এক সঙ্গীত প্ৰতিযোগিতাত গোলাম হাইদৰ চাহেবৰে সঙ্গীত পৰিচালিত ‘খাজাঞ্চি’ ছবিৰ ‘শাৱন কা নঁজাৰে..’ গীতটো পৰিৱেশন কৰি জীৱনৰ প্ৰথমটো পুৰস্কাৰ লাভ কৰিছিল। ছবিৰ সঙ্গীত পৰিচালনাৰ বাবে বোম্বাইলৈ অহা গোলাম হাইদৰ চাহেবে সেইদিনা অখ্যাত বালিকা লতা মঙ্গেশকাৰৰ কণ্ঠত নুৰজাঁহা আৰু সমশাদ বেগমৰ দুটা গীত শুনিলে আৰু বৰ আপ্লুত হ’ল। পিছদিনা তেখেতে লতা মঙ্গেশকাৰক লগত লৈ তেতিয়াৰ বিখ্যাত ছবি পৰিচালক প্ৰযোজক শশধৰ মূখাৰ্জীৰ ঘৰত উপস্থিত হলগৈ।আচলতে এই প্ৰযোজক পৰিচালক গৰাকীৰ নতুন ছবি ‘শ্বহীদ’ৰ সঙ্গীত পৰিচালনাৰ বাবেই গোলাম হাইদৰ চাহেব পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। শশধৰ মূখাৰ্জীয়ে লতা মঙ্গেশকাৰৰ কণ্ঠত দুটামান গীত শুনিলে যদিও সন্তুষ্ট নহ’ল। লতাৰ কন্ঠ ৰূপালী পৰ্দাৰ বাবে উপযোগী নহয় বুলি পোনপটীয়াকৈ নাকচ কৰি দিলে তেওঁ। ভগ্ন মনেৰে ঘৰলৈ উভতিবলৈ বুলি লতা মঙ্গেশকাৰ আহি গুৰেগাওঁ ৰেলৱে ষ্টেচন পালেহি। সেইদিনা ট্ৰেইন কিছু পলম আছিল। আমন জিমন কৈ প্লেটফৰ্মত বহি থকা লতা মঙ্গেশকাৰে এবাৰত দেখিলে সেই একেটা প্লেটফৰ্মলৈ গোলাম হাইদৰ চাহেব সোমাই আহিছে । দুয়োৰে পুনৰ সাক্ষাৎ হ’ল। ইতিমধ্যে যথেষ্ট বিমৰ্ষিত হৈ পৰা লতাজীক সান্ত্বনা দি গোলাম হাইদৰ চাহেবে ক’লে, ‘ মই ‘মজবুৰ’ নামৰ আন এখন ছবিৰ সঙ্গীতৰ কামো কৰি আছো। তোমাক কথা দিছো মই তোমাক এইখন ছবিৰ বাবে গীত গোৱামেই।’ তাৰ পিছত এটা গীত উলিয়াই লৈ সঙ্গীত পৰিচালক গৰাকীয়ে লতাজীক তাতেই শিকাবলৈ আৰম্ভ কৰি দিলে। ইয়াৰ তিনি দিনৰ পিচত সঁচাকৈয়ে ‘মজবুৰ’ ছবিৰ বাবে লতাজীৰ কণ্ঠত গীতৰ ৰেকৰ্ডিং হৈ যায় । এই গীতটিৰ কথাংশ আছিল, ‘দিল মেৰা তোৰা, মুঝে কহী কা না চ’ৰা তেৰে প্যাৰ মে…’। সেই সময়ত এই গীতটি অতি জনপ্ৰিয় হৈছিল আৰু ইয়েই আছিল লতা মঙ্গেশকাৰৰ জীৱনৰ সৰ্বপ্ৰথমটো ‘হিট গান’! বিভিন্ন সময়ত লতাজীয়ে নিজেই প্ৰকাশ কৰি আহিছে যে, যদি সেই সময়ত গোলাম হাইদৰ চাহেবে এইকণ সুবিধা নিদিলে হেঁতেন হয়তো আজিৰ লতা মঙ্গেশকাৰগৰাকীৰ জন্মই নহ’লহেতেন । আৰু আমোদজনক কথাটো হ’ল, লতাজীৰ জীৱনৰ প্ৰথম জনপ্ৰিয় গীতটো এই গৰাকী নমস্য শিল্পীয়ে ৰিহাৰ্ছেল কৰিব লগা হৈছিল গুৰেগাওঁ ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত !
১৯৪৮ চনতে ‘জিদ্দি’ নামৰ আন এখন ছবিতো লতাজীয়ে একক কন্ঠেৰে গীত গাইছিল আৰু ছবিৰ প্ৰযোজক পক্ষই সিদ্ধান্ত লৈছিল যে তেওঁলোকে ছবিখনৰ গীতৰ ৰেকৰ্ড বজাৰত উলিয়াব। এইখন আছিল লতাজীৰ জীৱনৰ প্ৰথম হিন্দীছবিৰ গীতৰ ৰেকৰ্ড। ছবিখনৰ নায়িকা আছিল অভিনেত্ৰী কামিনী কৌশল। কামিনী কৌশল আৰু লতা মঙ্গেশকাৰৰ মাতৰ যথেষ্ট সাদৃশ্য থকাত ৰেকৰ্ডিং ষ্টুডিঅ’ৰ টেকনিচিয়ানে অখ্যাত লতা মঙ্গেশকাৰৰ কথা পাহৰি ভুলতে কামিনী কৌশলৰ নাম ৰেকৰ্ডৰ কভাৰত লিপিৱদ্ধ কৰিলে। ‘জিন্দেগী কা আচৰা সমঝে…’ গীতটো যথেষ্ট জনপ্ৰিয় হোৱাত সকলোৱে যেতিয়া অভিনেত্ৰী কামিনী কৌশলৰ প্ৰশংসা কৰাত লাগিল তেতিয়াহে আচল ৰহস্য ভেদ হ’ল যে গীতৰ প্ৰকৃত গায়িকা লতা মঙ্গেশকাৰ নামৰ আন এগৰাকী অখ্যাত শিল্পীহে আছিল।
জীৱনৰ প্ৰথম খন গীতৰ শ্ৰাব্য ৰেকৰ্ডত এইদৰে নিজৰ নামটো দেখাৰ পৰা বঞ্চিত হ’ল লতা মঙ্গেশকাৰ।
আজি ওপজা দিনত এই চিৰ নমস্য শিল্পীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।।

You might also like
Leave A Reply

Your email address will not be published.