আজি ২৭ ছেপ্টেম্বৰ

▶️আজি বিশ্ব পৰ্যটন দিৱস।
▶️১২৯০ চনৰ এই দিনটোতেই চীনত প্ৰবল ভূমিকম্পত প্ৰায় ১ লাখ লোকৰ মৃত্যু ঘটিছিল।
▶️১৭৬০ চনৰ আজিৰ দিনটোতেই মীৰজাফৰক গাদীচ্যুত কৰি বংগৰ নবাব হৈছিল মীৰকাছিম।
▶️১৮২৫ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰে’লগাড়ীৰ চলাচল আৰম্ভ হৈছিল।
▶️১৮৩৩ চনৰ আজিৰ দিনটোতেই সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু ঘটিছিল।
▶️১৮৭০ চনৰ এই দিনটোতেই ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্ৰাছিয়া ডেলেড্ডাৰ জন্ম হৈছিল। ১৯২৬ চনত তেঁও সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯০৭ চনৰ আজিৰ দিনটোতেই ভাৰতীয় বিপ্লৱী ভগৎ সিঙৰ জন্ম হৈছিল।
▶️১৯২২ চনৰ আজিৰ দিনটোতেই সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ জন্ম হৈছিল।
▶️১৯৫৮ চনৰ এই দিনটোতেই ভাৰতৰ মিহিৰ সেনৰ ইংলিছ চেনেল (৩৪ কিলোমিটাৰ) সাতুঁৰি অতিক্ৰম। ইংলিছ চেনেল সাতুঁৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয়।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ নিৰ্বাচনত হেলমুট কোল পৰাজিত হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ষ্টুডেন্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া(ছিমি)ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ।
▶️২০০২ চনৰ এই দিনটোতেই পূব টিমোৰক ৰাষ্ট্ৰসংঘৰ ১৯১ সংখ্যক সদস্যৰাষ্ট্ৰ ৰূপে স্বীকৃতি।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বিশ্বত প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন।।

You might also like
Leave A Reply

Your email address will not be published.