চাঞ্চল্যকৰ! ফলাফলৰ পূৰ্বেই মূল্যায়নক লৈও জালিয়াতি

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-

মেট্ৰিক, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নক লৈ ভয়ংকৰ অনিয়ম। মূল্যায়নত অধিক নম্বৰ দিয়াৰ নামটো ধনৰ লেনদেন। প্ৰথম বিভাগ,ষ্টাৰ, ডিষ্টিংচন দিয়াৰ নামত শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহৰ তথ্য লাভ। কামৰূপ জিলাৰ স্কুল সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰক্ষীৰ অভিযান। জিলা স্কুল পৰিদৰ্শক মাধৱ ডেকা,ছেবাৰ সমন্বয়ক ফুলপাহি নাথ,কাৰ্যালয়ৰ কৰ্মচাৰী প্ৰশান্ত দাস,শিৱেশ্বৰ কলিতাক কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত পৃথকে পৃথকে জেৰা।স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে কেবাটাও লেপটপ, মোবাইল, নথিপত্ৰৰ লগতে বুজন পৰিমাণৰ ধন।
দক্ষিণ কামৰূপৰ গৰৈমাৰীতো কামৰূপ আৰক্ষীৰ অভিযানত বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ। ধনৰ লেনদেনৰ অভিযোগত মাজৰটোপ উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ আৰু আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হবিবুৰ ৰহমানক আটক।।

You might also like
Leave A Reply

Your email address will not be published.