নেচনেল ডেস্ক-
দেশৰ অৰ্থনৈতিক ৰাজধানী মুম্বাইত যোৱা কেইদিন মান ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন হৈছে চহৰ খন। বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু ঘৰ ভাগি মৃত্যু হৈছে ২২ জনৰ। চেম্বুৰৰ ভাৰত নগৰ অঞ্চলত ১৭ জন আৰু ভিখৰোলীত ৫ জন লোকে ঘৰৰ ধ্বংসস্তূপৰ তলত আৱদ্ধ হোৱাৰ পিছত প্ৰাণ হেৰুৱায়। ইফালে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কিয়নো ধ্বংসাৱশেষৰ ভিতৰত অধিক লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে বুলি জানিবলৈ দিয়ে চৰকাৰী বিষয়াই ।
আনহাতে, ধাৰাসাৰ বৰষুণৰ বাবে মুম্বাইত যান-বাহন চলাচল ব্যাহত হৈছে। মুম্বাইত নেৰানেপেৰা বৰষুণৰ বাবে কেন্দ্ৰীয় মেইন লাইন আৰু হাৰ্বাৰ লাইনতো স্থানীয় ৰেল সেৱা স্থগিত ৰখা হৈছে। ১৭ খন ৰে’লৰ সেৱা এতিয়ালৈকে সাময়িক ভাৱে স্থগিত ৰখা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৃতকৰ আত্মীয়লৈ ২ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছে। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে।