আজি কিৰিবাটিৰ ৰাষ্ট্ৰীয় দিৱস।
আজি খ্ৰীষ্টপূর্ব ১০১ ৰোমান সেনানায়ক জুলিয়াছ চিজাৰৰ জন্ম।
⏩ ১৮২৩ চনত ভাৰতত নির্মিত প্রথম বাষ্পচালিত জাহাজ ‘ডায়ানা’ৰ কলকাতা বন্দৰৰ পৰা যাত্ৰাৰম্ভ।
⏩১৮৬৩ চনত যক্ষ্মা ৰোগৰ প্রতিষেধক ছিটা বি চি জিৰ অন্যতম আবিষ্কাৰক এলবার্ট কামেটৰ ফ্ৰান্সত জন্ম।
⏩১৯০৪ চনত কবি পাব্লো নেৰোডাৰ (প্রকৃত নাম কেফতালি বিকার্ডো ৰেইছ বাছোৱালটো) জন্ম। ১৯৭১ চনত নেৰোডাই লাভ কৰে সাহিত্যৰ নোবেল বঁটা।
⏩১৯৯১ চনত ভাৰতৰ প্ৰথম উপ-প্রধান মন্ত্রী চৰ্দাৰ বল্লভভাই পেটেললৈ মৰণোত্তৰভাৱে ‘ভাৰতৰত্ন’ সম্মান। পেটেলৰ এই সন্মান গ্রহণ কৰে তেওঁৰ নাতি বিপিন দহিয়াভাই পেটেলে।
⏩১৯৯৮ চনত ব্রাজিলক ৩-০ গ’লত পৰাজিত কৰি ফ্রান্স বিশ্বকাপ ফুটবলৰ চেম্পিয়ন।
⏩১৯৯৯ চনত হিন্দী ছবিৰ বিশিষ্ট অভিনেতা ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু।
]
⏩১৯৯৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্রকল্পৰ মানৱ সম্পদ উন্নয়ন প্রতিবেদনত ১৭২খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৩২; মধ্যমীয়া উন্নয়নশীল শ্ৰেণীৰ দেশৰ ভিতৰত ভাৰত উন্নত।
⏩২০০২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এ পি জে আব্দুল কালামলৈ সমাজবাদী পার্টীৰ সমৰ্থন, পিপুল্ছ ফ্রণ্টৰ বিভাজন।
⏩২০০৩ চনত গুৱাহাটীত আয়োজিত অলিম্পিক দিৱসৰ দৌৰত জ্যোতির্ময়ী শিকদাৰৰ অংশগ্রহণ।
⏩২০০৪ চনত বানত ৰাজ্যখনৰ লক্ষাধিক লোক আক্রান্ত, প্রায় দুশজন লোকৰ মৃত্যু।
⏩২০০৫ চনত অসমত প্ৰৱৰ্তিত বিতর্কিত আই এম ডি টি আইন বাতিল।