আজি ১৬ জুলাই

আজি ১৬ জুলাই

➡️৬২২ হজৰত মহম্মদৰ মক্কাৰ পৰা মদিনালৈ যাত্রা। এই চনৰে পৰা মুছলমানসকলৰ ‘হিজৰি’ চন গণনা কৰা হয়।

➡️১৮৮৮ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা বিজয়ী বিজ্ঞানী ফ্লিটজ জাৰনাইকৰ জন্ম।

➡️১৯০৯ স্বাধীনতা সংগ্রামী অৰুণা আছফ আলীৰ জন্ম।

➡️১৯৪৫ পাৰমাণৱিক বোমাৰ প্ৰথম পৰীক্ষামূলক বিস্ফোৰণ।

➡️২০০৪ ১০ জুলাইত আসাম ৰাইফলৰ গুলীত মনোৰমা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মণিপুৰৰ বিভিন্ন অঞ্চলত প্রতিবাদ, আছাম ৰাইফল্‌দ্ৰৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অভিনৱভাৱে নগ্ন মহিলাৰ বিক্ষোভ প্রদর্শন।

You might also like
Leave A Reply

Your email address will not be published.