চৰাইদেউ জিলা চিকিৎসালয়ত ৰোগীৰ আৰ্তনাদ

চৰাইদেউ জিলা চিকিৎসালয়ত ৰোগীৰ আৰ্তনাদ। নিশা এম্বুলেঞ্চৰ অভাৱত চিকিৎসালয়ৰ চৌহদতে মৃত্যু এটি শিশুৰ…

চৰাইদেউ জিলা চিকিৎসালয়ত ৰোগীৰ আৰ্তনাদ। নিশা এম্বুলেঞ্চৰ অভাৱত ৩ ঘন্টা ধৰি চিকিৎসালয় চৌহদত চটফটাই মৃত্যুক আকোঁৱালি লয় এটি আঢ়ৈ বছৰীয়া শিশুৱে। চৰাইদেউ জিলাৰ শালকাঠনি চাহ বাগিছাৰ মেদেলা লাইনৰ জেৰেমিছ কুজুৰ আৰু মাৰিয়ম কুজুৰৰ আঢৈ বছৰীয়া পুত্ৰৰ কালি সন্ধিয়া জ্বৰত ভুগি থকাত বাগিছা চিকিৎসালয়ত ভৰ্তি কৰে। বাগিছা চিকিৎসালয়ত এগৰাকী নাৰ্ছে চোৱা-চিতা কৰি উন্নত চিকিৎসাৰ বাবে চৰাইদেউ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চৰাইদেউ জিলা চিকিৎসালয়ত শিশুটিৰ স্বাস্থ্য অধিক অৱনতি হোৱাত নিশা প্ৰায় ১২ মান বজাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতাললৈ নিবলৈ পৰামৰ্শ দিয়ে । দৰিদ্ৰ পৰিয়ালটিয়ে বহুবাৰ মৃত্যুঞ্জয় ১০৮ বিচাৰি ফোন কৰে যদিও এম্বুলেঞ্চ নথকাত দৰিদ্ৰ পৰিয়ালটি উপায়হীন হৈ শালকাঠনি চাহ বাগিছাৰ এম্বুলেঞ্চ বিচাৰে। কিন্তু নিশা তিনি জনকৈ চালক থকাৰ পাছতো এজনো চালকে শিশুটিক ডিব্ৰুগড়লৈ নিবলৈ সন্মতি নহল। অৱশেষত শিশুটি বিনা চিকিৎসাই চিকিৎসালয়ৰ চৌহদত চটফটাই মৃত্যুক আকোঁৱালি লবলগীয়া হয়।

 

You might also like
Leave A Reply

Your email address will not be published.