হাইলাকান্দিত আটক এজন বাংলাদেশী

হাইলাকান্দিত আটক এজন বাংলাদেশী । ১২ বছৰ ধৰি অসমত আশ্ৰয় লৈ আছিল সন্দেহজনক নাগৰিকজন ।

পুনৰ হাইলাকান্দিত আটক এজন বাংলাদেশী। হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অন্তৰ্গত ধনীপুৰ গাঁওৰ পৰা আটক কৰা হৈছে বাংলাদেশী নাগৰিকক। আটক হোৱা বাংলাদেশী নাগৰিকৰ নাম হৈছে এম ডি শ্যাম উদ্দিন। ১২ বছৰৰ পৰা ভাৰতত বসবাস কৰি আছে এই ব্যক্তিজনে। লালা ধনীপুৰ গাঁওৰ তাজ উদ্দিন চৌধুৰীৰ ঘৰত বসবাস কৰি আছে আৰু তাজ উদ্দিনে নিজৰ পুত্ৰ বুলি পৰিচয় দি ১২ বছৰ ধৰি নিজ ঘৰতে আশ্ৰয় দিছিলে এই বাংলাদেশী নাগৰিকক। যোৱাকালি নিশা লালা আৰক্ষীয়ে ধনীপুৰ গাঁওৰ পৰা বাংলাদেশী এজন লোকক আটক কৰিছে লগতে বাংলাদেশী লোকক আশ্ৰয় দিয়া বাবে লালা গাঁওৰ বাসীন্দা তাজ উদ্দিন চৌধুৰীক আটক কৰিছে। ইতিমধ্যে লালা আৰক্ষীয়ে দুইজন লোকক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.