আজি ১৯ অক্টোবৰ

১৮৮৯ অসমৰ ডিগবৈত ভাৰত তথা এছিয়াৰ সৰ্বপ্ৰথম ব্যৱসায়ভিত্তিক খাৰুৱা তেলৰ উৎপাদন আৰম্ভ।

১২১৬ ইংলেণ্ডৰ ৰজা জনৰ (John) মৃত্যু। মাত্ৰ ন বছৰ বয়সতে তৃতীয় হেনৰী ইংলেণ্ডৰ ৰজা ৰূপে অভিষিক্ত।

১৭৪৫ ইংৰাজ ব্যংগ ৰচনাকাৰ জনাথন ছুইফ্টৰ মৃত্যু।’গালিভাৰ্ছ ট্রেভেলছ’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।

১৮১৩ লিপজিগ যুদ্ধত ৰাছিয়া, প্ৰুছিয়া আৰু অষ্ট্ৰিয়াৰ সম্মিলিত  শক্তিৰ হাতত নেপোলিয়নৰ পৰাজয়। তেওঁক এলবা দ্বীপলৈ নির্বাসন। পিছত এই দ্বীপৰ পৰা পলাবলৈ নেপোলিয়ন সমর্থ হয় আৰু পুনৰ ফ্ৰান্সৰ শাসনভাৰ গ্ৰহণ কৰে।

১৮৮৯ অসমৰ ডিগবৈত ভাৰত তথা এছিয়াৰ সৰ্বপ্ৰথম ব্যৱসায়ভিত্তিক খাৰুৱা তেলৰ উৎপাদন আৰম্ভ।

১৯৩৭ ইংৰাজ পদার্থ-বিজ্ঞানী আর্নেষ্ট ৰাডাৰফোৰ্ডৰ মৃত্যু।

১৯৭৫ ভাৰতৰ প্ৰথম কৃত্রিম উপগ্ৰহ আৰ্যভট্টৰ ২,৭৪০বাৰ পৃথিৱী ভ্রমণ সম্পূৰ্ণ কৰি ৪,৩০০ ঘণ্টা মহাকাশত কটাই প্রায় ৮০ শতাংশ কাম সূচাৰুৰূপে পালন।

১৯৮৮ বায়ুদূত বিমানৰ দুৰ্ঘটনাত গুৱাহাটীত ৩৪জন লোকৰ মৃত্যু।

১৯৯১ উত্তৰ ভাৰতত প্ৰবল ভূমিকম্প। প্রায় ২,০০০ লোকৰ মৃত্যু।

২০০১ মার্কিন স্থলসেনাৰ আফগানিস্তান আক্রমণ।

২০০৩ মাদাৰ টেৰেছাক মৰণোত্তৰভাৱে বোমান কেথলিকৰ অন্যতম শীর্ষস্থানীয় ধর্মীয় মর্যাদা স্বর্গলাভৰ মুখপ্রাপ্তি (বিয়েটিফিকেচন) প্রদান।

২০০৩ বৈষ্ণৱ পণ্ডিত ইলাৰাম দাসৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.