আজি ২০ অক্টোবৰ

আজি ২০ অক্টোবৰ

➡️ৰাষ্ট্ৰীয় একতা দিবস।
➡️১৫৬৮ আকবৰৰ চিতোৰগড় দুর্গ আক্রমণ। ১৭৭৪ কলকাতা ভাৰতৰ ৰাজধানী।
➡️১৮৮৭ বিশিষ্ট সাহিত্যিক তথা আমেৰিকান কমিউনিষ্ট পাৰ্টীৰ প্রতিষ্ঠাতা জন ৰীডৰ জন্ম। ‘পৃথিৱী কঁপোৱা দহ দিন’ (Ten Days that Shook the World) তেওঁৰ এখন প্রসিদ্ধ গ্রন্থ।
➡️১৯৬২ চীনৰ ভাৰত আক্ৰমণ। চীনা সৈন্যই অৰুণাচল প্রদেশ আক্ৰমণ কৰি টাৱাং, ডেং, ব’মদিলা আদি অধিকাৰ কৰে আৰু ক্ৰমাৎ অসমলৈ অগ্ৰসৰ হয়। ভাৰতৰ পক্ষে এই আক্রমণ প্রতিৰোধ কৰা কঠিন হৈ পৰে। পিছে ২১ নৱেম্বৰত চীনে যুদ্ধবিৰতি ঘোষণা কৰে আৰু চীনা সৈন্য উভতি যায়।
➡️১৯৭৮ ভাৰতীয় ক্রিকেটাৰ বীৰেন্দ্ৰ সেৱাগৰ জন্ম। ১৯৯৩ চনৰ পৰা এদিনীয়া আৰু ২০০১ চনৰ পৰা ভাৰতীয় টেষ্ট দলৰ সদস্য সেৱাগ ভালেকেইটা অভিলেখৰো গৰাকী। : ১৯৯১ উত্তৰ কাঁশীত প্রবল ভূমিকম্প; সহস্রাধিক লোক নিহত। প্রায় ৩০০ কোটি টকাৰ ক্ষতি। বহু প্রাচীন ঐতিহাসিক স্মৃতিচিহ্নৰ বিস্তৰ ক্ষতি।
➡️১৯৯৬ অন্ধ্র প্রদেশত ভয়াৱহ বান; ৩০০ গাঁও জলমগ্ন; প্রায় ২০০ লোক নিহত।
➡️১৯৯৯ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মেগাৱতী সুকৰ্ণপুত্ৰী পৰাজিত, নতুন ৰাষ্ট্ৰপতি আবদুৰ ৰহমান রাহিদ।
➡️১৯৯৯ ত্রয়োদশ লোকসভাৰ প্ৰথম অধিৱেশন আৰম্ভ।
➡️২০০৩ নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ টেষ্ট শৃংখলা ড্র।
➡️২০০৪ এলান ইলিংহাষ্টক বুকাৰ বঁটা প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.