আজি ২১ অক্টোবৰ

আজি ২১ অক্টোবৰ

 

➡️১২৯৬ আলাউদ্দিন খিলিজীৰ দিল্লীৰ সিংহাসনত আৰোহণ। ১৭৭২ ইংৰাজ ৰোমাণ্টিক কবি ছেমুৱেল টেলৰ ক’লৰিজৰ জন্ম।
➡️১৮০৫ ঐতিহাসিক ট্রেফেলগাৰ যুদ্ধত নৌ সেনাধ্যক্ষ হেৰোচিঅ’ নেলছনৰ নেতৃত্বত ব্ৰিটিছ বাহিনীৰ জয়লাভ। যুদ্ধত গুৰুতৰভাৱে আহত নেলছনৰ যুদ্ধ সামৰণি পৰাৰ কেইঘণ্টামানৰ পিছতে মৃত্যু হয়।
➡️১৮৩৩ ছুইডেনৰ বিজ্ঞানী, ডিনামাইটৰ আৱিষ্কাৰক আলফ্রেড নোবেলৰ জন্ম।
➡️১৯৩৪ জয়প্রকাশ নাৰায়ণৰ নেতৃত্বতকংগ্রেছ ছ’চিয়েলিষ্ট পার্টী প্রতিষ্ঠা।
➡️১৯৩৪ মাও-ছে-তুঙৰ বিখ্যাত ‘লং মার্চ’ আৰম্ভ।
➡️১৯৪৩ ছিংগাপুৰত সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ চৰকাৰ প্ৰতিষ্ঠাৰ কথা ঘোষণা।
➡️১৯৫১ অন্ধ্র প্রদেশৰ টেলেংগানা আন্দোলন প্রত্যাহাৰ। ১৯৯১ এদিনীয়া ক্রিকেটত দুশ উইকেট দখলৰ কপিলদেৱৰ বিশ্ব অভিলেখ। শ্বাৰজাহত ভাৰত বনাম বেষ্ট ইণ্ডিজৰ মাজত হোৱা খেলত কপিলদেৱে এই কৃতিত্ব অর্জন কৰে।
➡️১৯৯৮ হিন্দী চলচ্চিত্র অভিনেতা অজিতৰ ৭৬ বছৰ বয়সত মৃত্যু।
➡️১৯৯৯ প্রবীণ প্রযোজক তথা পৰিচালক বি আৰ চোপ্ৰালৈ ১৯৯৮ চনৰ ‘দাদা চাহেব ফাল্কে’ বঁটা।
➡️১৯৯৯ ভাৰতত পাক টিভিৰ ওপৰত থকা নিষেধাজ্ঞা প্রত্যাহাৰ।
➡️২০০১ বিশ্ব জুনিয়ৰ হকীত ভাৰত চেম্পিয়ন।

You might also like
Leave A Reply

Your email address will not be published.