শিৱসাগৰ গ্ৰন্থ উৎসৱত গ্ৰন্থ উন্মোচনী

শিৱসাগৰ গ্ৰন্থ উৎসৱত গ্ৰন্থ উন্মোচনী

ব্যুৰ’ ৰিপ’ৰ্ট:

শিৱসাগৰ বৰ্ডিং খেল পথাৰত অনুষ্ঠিত হৈ থকা গ্ৰন্থ উৎসৱত কালি নিশা গ্ৰন্থ মেলাৰ এক গাম্ভীৰ্য্যতাপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা উৰুলী কাশ্যপৰ নৱতম দুখন গ্ৰন্থ উন্মোচন কৰা হয়।

উৰুলী কাশ্যপৰ দ্বাৰা ৰচিত “সাহিত্য প্ৰাচ্য-প্ৰতীচ্য” আৰু “চিঠি এখন লিখিবনে আপুনি?” নামৰ দুখনকৈ গ্ৰন্থ বহু গণ্যমান্য ব্যক্তিৰ উপস্থিতিত উন্মোচন হয়। “সাহিত্য প্ৰাচ্য-প্ৰাতীচ্য”গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ড° মাৰ্ধুৰ্য্য মণ্ডিত বৰুৱাই। দ্বিতীয়খন গ্ৰন্থ “চিঠি এখন লিখিবনে আপুনি?” উন্মোচন কৰে শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া দিব্যজ্যোতি গগৈয়ে।

উৰুলি কাশ্যপৰ ইতিপূৰ্বে প্ৰকাশিত গ্ৰন্থ ‘ অসমীয়া সাহিত্যৰ অৱলোকন’ আৰু ‘স্বপ্নবাসৱদত্তা’ই ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ বিভিন্ন কাকত-আলোচনীত লেখিকাগৰাকীৰ ৬০০ ৰো অধিক প্ৰবন্ধ তথা লেখা ইতিমধ্যে প্ৰকাশ পাইছে।লেখিকা উৰুলি কাশ্যপে ৬০ৰো অধিক গ্ৰন্থ সমালোচনা কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.