আজি ২৭ জুলাই

➡️ ১৮৪৪ চনৰ আজিৰ দিনটোতে ৰসায়নবিদ, পৰমাণুতত্ত্বৰ প্ৰৱৰ্তক জন ডেল্টনৰ মৃত্যু হৈছিল।

➡️ ১৮৭৫ চনৰ ২৭ জুলাইত বিশিষ্ট চিকাৰী তথা লেখক জিম কৰবেটৰ ভাৰতৰ নাইনিতালত জন্ম হৈছিল।

➡️ ১৮৮৯ চনৰ আজিৰ দিনটোতেই লণ্ডনত দাদাভাই নৌৰাজীৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছে ব্ৰিটিছ ইণ্ডিয়া শাখা প্ৰতিষ্ঠা কৰিছিল।

➡️ ব্ৰিটেইন আৰু ফ্ৰান্সৰ পৰা ছুৱেজ খালৰ কৰ্তৃত্ব ইজিপ্টলৈ হস্তান্তৰিত হৈছিল ১৯৫৬ চনৰ ২৭ জুলাইত।

➡️ ১৯৭২ চনৰ ২৭ জুলাইত নক্সাল আন্দোলনৰ বিশিষ্ট নেতা চাৰু মজুমদাৰৰ কাৰাবন্দী অৱস্থাত মৃত্যু হৈছিল।

➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতেই উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল জিম কিং।

➡️ ৪০০ মিটাৰ দৌৰত মাইকেল জনছনে নতুন বিশ্ব অভিলেখ গঢ়িছিল ১৯৯৯ চনৰ আজিৰ দিনটোতে।

➡️ ২০০১ চনৰ ২৭ জুলাইত কেন্দ্ৰৰ দ্বাৰা নগা অস্ত্ৰ সম্বৰণ চুক্তিৰ ভৌগোলিক সম্প্ৰসাৰণ প্ৰত্যাহাৰ কৰা হৈছিল।

➡️ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কৃষ্ণ কান্তৰ ২০০২ চনৰ ২৭ জুলাইত ৭৫ বছৰ বয়সত মৃত্যু হৈছিল।

➡️ ২০০৩ চনৰ আজিৰ দিনটোতে বশিষ্ঠৰ মথাউৰি ভগাৰ ফলত গুৱাহাটী মহানগৰীৰ বৃহৎ অঞ্চল জলমগ্ন হৈ পৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.