আজি ২৮ জুলাই

➡️ ১৭৫০ চনৰ ২৮ জুলাইত ইউৰোপৰ বিশিষ্ট সংগীতশিল্পী যোহান ছেৱাষ্টিন বাখৰৰ মৃত্যু হৈছিল ।

➡️ পেৰুৱে স্বাধীনতা লাভ কৰিছিল ১৮২১ চনৰ আজিৰ দিনটোতে।

➡️ ১৯১৪ চনৰ ২৮ জুলাইত ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্ট্ৰিয়াই যুদ্ধ ঘোষণা কৰিছিল। এই যুদ্ধত জাৰ্মানীয়ে অষ্ট্ৰিয়াৰ পক্ষ লৈছিল; ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ লৈছিল। ইয়াতেই সূচনা হৈছিল প্ৰথম মহাসমৰৰ।

➡️ ১৯৩২ চনৰ আজিৰ দিনটোতে কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল ।

➡️ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু হৈছিল ১৯৩৯ চনৰ আজিৰ দিনটোতে।

➡️ ১৯৬৮ চনৰ ২৮ জুলাইত ৰসায়ন-বিজ্ঞানত নোবেল বঁটা বিজয়ী জাৰ্মান বিজ্ঞানী অটো হানৰ মৃত্যু হৈছিল ।

➡️ চৰণ সিং ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল ১৯৭৯ চনৰ ২৮ জুলাইত। ১৯৮০ চনৰ ১৪ জানুৱাৰীলৈকে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

➡️ ১৯৮৪ চনৰ ২৮ জুলাইৰ পৰা লছ এঞ্জেলছত অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হৈছিল । এই সমাৰোহ ১২ আগষ্টলৈকে চলিছিল।

➡️ ১৯৮৯ চনৰ ২৮ জুলাইত মুফতি মহম্মদ ছয়ীদে ৰাজ্যসভাৰ সদস্যপদ খাৰিজ কৰিছিল । দলত্যাগবিৰোধী আইনৰ অধীনত সংসদৰ সদস্যপদ বাতিলৰ ঘটনা এয়ে প্ৰথম আছিল ।

➡️ ২০০১ চনৰ ২৮ জুলাইত জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতি স্বৰূপে মামণি ৰয়ছম গোস্বামীলৈ ২০০০ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা ঘোষণা কৰা হৈছিল । এই বঁটা লাভ কৰা তেৱেঁই প্ৰথম অসমীয়া মহিলা ।।

You might also like
Leave A Reply

Your email address will not be published.