গৰমত নাখাব অত্যধিক আইচক্ৰীম, হ’ব পাৰে মাৰাত্মক সমস্যা ,জানো আহক …
বহুলোকে আইচক্ৰীম খাই ভাল পায়। বিশেষকৈ আইচক্ৰীমে গৰমৰ দিনত শৰীৰত শীতলতা আনে। কিন্তু আইচক্ৰীম নিয়মিতভাৱে খালে শৰীৰটো হব পাৰে বহু ক্ষতি । সমগ্ৰ ৰাজ্য যেন প্ৰকৃতিৰ ক্ৰোধত পৰিছে। পৰিস্থিতি এনেকুৱা হৈছে যে কোনেও ঘৰৰ বাহিৰলৈ খোজ দিব বিচৰা নাই। এনে পৰিস্থিতিৰ পৰা সকলোৱে কিছু সকাহ পাব বিচাৰে। গতিকে বিভিন্ন ধৰণৰ শীতল পানীয়, ৰস আদি খোৱা দেখা যায় যিয়ে সাময়িক শান্তি মানুহক প্ৰদান কৰে। কিন্তু এই পানীয়বোৰৰ লগতে গ্ৰীষ্মকালত আইচক্ৰীমৰ বিক্ৰী বৃদ্ধি পায়। ইয়াৰ সোৱাদে মানুহক আকৰ্ষিত কৰে। কিন্তু বিশেষজ্ঞসকলে নিয়মিতভাৱে আইচক্ৰীম খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি অপকাৰী বুলি উল্লেখ কৰিছে। বিশেষজ্ঞসকলে কয় যে আইচক্ৰীম খালে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে যিমানেই গৰম নহওক কিয় আইচক্ৰীম নিয়মিতভাৱে খাব নালাগে। আইচক্ৰীমৰ পৰা বহুতো মাৰাত্মক ৰোগো মানুহৰ শৰীৰলৈ আহিব পাৰে। এই সন্দৰ্ভত চিকিৎসক সকলে কয় যে, আইচক্ৰীমত প্ৰচুৰ পৰিমাণে চৰ্বি, শৰ্কৰা, কিছু যোগকৰণ পদাৰ্থ থাকে। এই সকলোবোৰ উপাদানে সহজেই কিছু শাৰীৰিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও যিসকলৰ ইতিমধ্যে ডায়েবেটিছ, কলেষ্টেৰল, হৃদৰোগ আছে, তেওঁলোকে যিমান পাৰে আইচক্ৰীমৰ পৰা আঁতৰি থাকিব লাগে। অন্যথা সমস্যাৰ অন্ত নপৰিব আৰু অধিক জটিলতাহে দেখা দিব গতিকে সাৱধান হোৱাটো দৰকাৰ। আইচক্ৰীমত প্ৰচুৰ পৰিমাণে শৰ্কৰা থাকে। গতিকে ইয়াৰ সোৱাদ মিঠা। কিন্তু মনত ৰাখিব আইচক্ৰীম মুখত গ্ৰহণ কৰাৰ পিছত অতি সোনকালে ই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। অৰ্থাৎ আইচক্ৰীম খালে হঠাৎ শৰীৰত শৰ্কৰা বাঢ়ি যায়। ডায়েবেটিছ ৰোগীৰ বাবে ই অত্যন্ত বেয়া। সমান্তৰালভাৱে নিয়মিতভাৱে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ’লে সুস্থ লোকেও কিছু সময়ৰ পাছত মধুমেহ ৰোগত আক্ৰান্ত হ’ব পাৰে। এই পৰিস্থিতি কোনো কাৰণতে বাঞ্ছনীয় নহয়। গতিকে জোখতহে আইচক্ৰীম খাব লাগে। নিয়মিতভাৱে আইচক্ৰীম খালে ওজন নিয়ন্ত্ৰণত ৰখা সম্ভৱ নহয়। তাৰ পৰিৱৰ্তে ক্ৰমান্বয়ে ওজন বাঢ়ি যায়। আইচক্ৰীমত থকা অতিৰিক্ত চৰ্বিয়ে ওজন বৃদ্ধি কৰে। গতিকে ওজন কমাব বিচাৰিলে ইয়াৰ পৰা আঁতৰি থাকক। আইচক্ৰীমৰ এটা স্কুপত প্ৰায় ৪০ গ্ৰাম চেচুৰেটেড ফেট থাকে। কিন্তু এই চেচুৰেটেড ফেট হৃদযন্ত্ৰৰ শত্ৰু। এই ধৰণৰ চৰ্বি হৃদযন্ত্ৰৰ ৰক্তবাহী নলীত জমা হ’ব পাৰে। গতিকে নিয়মিতভাৱে আইচক্ৰীম খালে হাৰ্ট এটেকৰ সম্ভাৱনা কেইবাগুণো বৃদ্ধি পায়। এই কাৰণেই যদি কোনো ব্যক্তিৰ হৃদৰোগ আছে তেন্তে আইচক্ৰীমৰ পৰা আতৰত থাকক। আইচক্ৰীমে দাঁতৰ সমস্যাও সৃষ্টি কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে চেনি থাকে। এই অতিৰিক্ত শৰ্কৰাই দাঁতৰ মাজত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰে। তাৰ পিছত দাঁতৰ ক্ষয় হয়। লগতে যিসকলৰ দাঁত অতিৰিক্ত সংবেদনশীল, তেওঁলোকে আইচক্ৰীম খাব নালাগে।