➡️ ১৮৮০ চনৰ ৩১ জুলাইত ভাৰতীয় সাহিত্যিক মুন্সী প্ৰেমচান্দৰ জন্ম হৈছিল।
➡️ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা এলেন অক্টোভিয়ান হিউমৰ জন্ম হৈছিল ১৯১২ চনৰ আজিৰ দিনটোতে।
➡️ ১৯৩৩ চনৰ ৩১ জুলাইত পুণেৰ পৰা মহাত্মা গান্ধীৰ ‘হৰিজন’ পত্ৰিকাৰ প্ৰথম প্ৰকাশ হৈছিল । (১ ফেব্ৰুৱাৰী) এই বছৰৰ পৰাই মহাত্মা গান্ধীৰ পৰামৰ্শ মতে সবৰমতী আশ্ৰমক ‘হৰিজন আশ্ৰম’ ৰূপে নামকৰণ কৰা হয়। আনহাতে মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰম ত্যাগ কৰিছিল ৩১ জুলাইত।
➡️ ১৯৭০ চনৰ আজিৰ দিনটোতে নটসূৰ্য ফণী শৰ্মাৰ মৃত্যু হৈছিল।
➡️ হিন্দী ছবিৰ যশস্বী নেপথ্য গায়ক মহম্মদ ৰফিৰ মৃত্যু হৈছিল ১৯৮০ চনৰ ৩১ জুলাইত।
➡️ ১৯৯৮ চনৰ আজিৰ দিনটোতেই লোকসভাই প্ৰচাৰ ভাৰতী আইন গ্ৰহণ কৰিছিল।
➡️ ২০০৪ চনৰ ৩১ জুলাইত তুলসী দাসক ২০০৪ চনৰ নাট্যাচাৰ্য বঁটা প্ৰদান কৰা হৈছিল।
➡️ ২০০৪ চনৰ আজিৰ দিনটোতেই অসমৰ অন্যতম চিনেমাটোগ্ৰাফাৰ, পৰিচালক অজান বৰুৱাৰ মৃত্যু হৈছিল।।