Assam | Book launch: গুৱাহাটীত ‘দ্য হিন্দু মেনিফেষ্টো’ গ্ৰন্থৰ বৰ্ণাঢ্য উন্মোচন, স্বামী বিজ্ঞানানন্দ জীৰ উদ্বুদ্ধকাৰী ভাষণ

গুৱাহাটী, ২২ মে’, ২০২৬: সমগ্ৰ বিকাশ ন্যাসৰ উদ্যোগত আজি গুৱাহাটীৰ PWD Convention Auditorium, দিছপুৰত “‘দ্য হিন্দু মেনিফেষ্টো’” গ্ৰন্থৰ বৰ্ণাঢ্য উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। “হিন্দু পুনৰুত্থান আৰু হিন্দুত্বৰ জাগৰণ” শীৰ্ষক এই অনুষ্ঠানত বিশিষ্ট অতিথি, চিন্তাবিদ আৰু বহু সংখ্যক লোক উপস্থিত থাকে।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীৱী, সমাজকৰ্মী আৰু গণ্য-মান্য ব্যক্তিসকলৰ উপস্থিতিত এখন উন্মোচনী তথা আলোচনা সভা অনুষ্ঠিত হয়। শ্ৰদ্ধেয় ধৰ্মগুৰু স্বামী বিজ্ঞানানন্দ, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ড° ভুবনেশ্বৰ কলিতা, ড° কুমাৰ ৰাকেশ জেষ্ঠ্য সাংবাদিক তথা গ্লোবেল গভাৰ্নেঞ্চ নিউজ, অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় মহামন্ত্ৰী শ্ৰী হিমন্ত ধিং মজুমদাৰ, শ্ৰী দীনেশ তিৱাৰী জী বিশ্ব হিন্দু পৰিষদৰ উত্তৰ- পূব ক্ষেত্ৰ সংগঠন মন্ত্ৰী, বিশ্ব হিন্দু পৰিষদ গুৱাহাটী মহানগৰৰ সভাপতি শ্ৰী সবিন ৰাজখোৱা , অৱসৰপ্ৰাপ্ত আই.এ.এছ. (IAS) বিষয়া শ্ৰী হিতেশ দেৱ শৰ্মা আৰু সমগ্ৰ বিকাশ ন্যাসৰ সনঞ্চালিকা পুণম শৰ্মাৰ সৈতে ধূপ-দীপ প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে অতিথিসকলৰ আগমনৰ পিছত প্ৰদীপ প্ৰজ্বলন আৰু উদ্বোধনী অধিবেশন অনুষ্ঠিত হয়। ইয়াৰ পিছতে গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

গ্ৰন্থখনৰ ৮টা অধ্যায়ৰ বিষয়ে স্বামী বিজ্ঞানানন্দ জীৰ বক্তব্য
নিজৰ মূল ভাষণত স্বামী বিজ্ঞানানন্দ জীয়ে ‘দ্য হিন্দু মেনিফেষ্টো’ গ্ৰন্থখনৰ ৮টা অধ্যায় সংক্ষেপে ব্যাখ্যা কৰি কয় যে এই অধ্যায়সমূহে এখন শক্তিশালী, সমৃদ্ধ আৰু মূল্যবোধসম্পন্ন ভাৰত গঢ়াৰ দিশ দেখুৱায়। স্বামী জীয়ে কয়, এই গ্ৰন্থ কেৱল এখন কিতাপ নহয়, বৰঞ্চ সমাজ আৰু ৰাষ্ট্ৰ গঠনৰ এক পথনক্সা। এই গ্ৰন্থখন কেৱলমাত্ৰ ভাৰতৰ বাবেই নহয় ভাৰতৰ বাহিৰতো ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ আশা আছে। স্বামী জীয়ে তেওঁৰ বক্তব্যত নাৰীক প্ৰধানতা প্ৰদান কৰাৰ লগতে নাৰীৰ সন্মানৰ কথাও সন্নিবিষ্ট কৰিছে।

ADVERTISEMENT

কুমাৰ ৰাকেশ ডাঙৰীয়াৰ বক্তব্য
অনুষ্ঠানত ভাষণ দি কুমাৰ ৰাকেশ ডাঙৰীয়াই কয় যে ‘দ্য হিন্দু মেনিফেষ্টো’ হৈছে এক চিন্তাশীল আৰু সময়োপযোগী গ্ৰন্থ, যিয়ে সমাজৰ বিভিন্ন বিষয়ত নতুন দৃষ্টিভংগী আগবঢ়ায়।

ড° ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াৰ বিশেষ বক্তব্য
অনুষ্ঠানৰ শেষত বিশেষ ভাষণ প্ৰদান কৰি ড° ভুৱনেশ্বৰ কলিতা ডাঙৰীয়াই কয় যে এই ধৰণৰ সাহিত্য আৰু চিন্তাধাৰাই ৰাষ্ট্ৰ গঠন, সাংস্কৃতিক মূল্যবোধ আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়াব পাৰে।
ধন্যবাদ জ্ঞাপন
অনুষ্ঠানৰ অন্তত পূনম শৰ্মাই স্বামী বিজ্ঞানানন্দ জী, ভুৱনেশ্বৰ কলিতা জী, কুমাৰ ৰাকেশ জী, সকলো অতিথি, আয়োজক আৰু উপস্থিত লোকসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

 

 

You might also like
Leave A Reply

Your email address will not be published.