Assam| Census-2027: কামৰূপ মহানগৰ জিলাত লোক পিয়লত নিয়োজিত বিষয়া -কৰ্মচাৰীৰ প্ৰশিক্ষণ Training of Census Officers -Employees in Kamrup Metropolitan District

কামৰূপ মহানগৰ, ৩০ মে’: ভাৰতৰ লোকপিয়ল আয়োগৰ তত্বাৱধানত ২০২৭ চনত আৰম্ভ হ’ব ষষ্ঠদশ লোকপিয়লৰ কাম। প্ৰথম পৰ্যায়ত গৃহ তালিকাভুক্তি আৰু গৃহ গণনাৰ কাম সম্পন্ন কৰা হ’ব। এই উপলক্ষে কামৰূপ মহানগৰ জিলা লোকপিয়ল কোষৰ উদ্যোগত জিলাখনত নিয়োজিত লোকপিয়ল কৰ্মচাৰীসকলৰ বাবে ২৮ মে’ৰ পৰা ৩০ মে’লৈকে তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত উক্ত প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সফল সমাপ্তি ঘটে। প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল আগন্তুক লোকপিয়লৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে সম্পাদনৰ বাবে লোকপিয়ল কৰ্মচাৰীসকলক প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে সক্ষম কৰি তোলা।

ADVERTISEMENT

প্ৰশিক্ষণত সমল ব্যক্তি ড° নিজৰা শৰ্মা আৰু সুৰজিৎ দে’য়ে প্ৰশিক্ষাৰ্থীসকলক লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বিভিন্ন প্ৰক্ৰিয়া আৰু পদ্ধতি সম্পৰ্কে যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বিশদভাৱে বুজাই দিয়ে। তদুপৰি, আন্তঃক্ৰিয়ামূলক আলোচনা আৰু প্ৰদৰ্শনৰ জৰিয়তে কৰ্মচাৰীসকলে যাতে ক্ষেত্ৰ পৰ্যায়ৰ বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে অৱগত হোৱাৰ লগতে শুদ্ধ আৰু সঠিক তথ্য সংগ্ৰহৰ পদ্ধতিসমূহ অৱলম্বন কৰিব পাৰে সেই বিষয়েও আলোকপাত কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.