গুৱাহাটী: কেনিয়াৰ এখন বিদ্যালয়ত শোকাৱহ ঘটনা সংঘটিত হৈছে। এখন চৰকাৰী আৱাসিক বিদ্যালয়ত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু ঘটিছে ১৭ গৰাকী ছাত্ৰীৰ।
আৱাসিক বিদ্যালয়খনত নিশাৰ ভাগত হঠাতে জুই লগাৰ ফলত এই ঘটনা সংঘটিত হয়। কেনিয়াৰ উটুমিশি ছোৱালী স্কুলত নিশাৰ ভাগত সংঘটিত এই অগ্নিকাণ্ডত
৭৯ গৰাকী ছাত্ৰী অগ্নিদগ্ধ হৈ গুৰুতৰভাৱে আহত হয়। বিদ্যালয়খনত প্ৰায় ৮০০ গৰাকী ছাত্ৰী আছিল।

অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ওৰে নিশা বিদ্যালয়খনত লাগি থাকে জুই।জুয়ে চাৰিওফালে আৱৰি ধৰাৰ বাবে ছাত্ৰীসকল ওলাই আহিব নোৱাৰে আৰু ফলত জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যু হয়। ৰান্ধনীশাল নতুবা বৈদ্যুতিক বিসংগতিৰ বাবেই জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে কেনিয়া চৰকাৰে।দেশখনৰ গিলগিল এলেকাত থকা উটুমিশি ছোৱালী স্কুলত সংঘটিত ঘটনাই শোকস্তব্ধ কৰিছে বিশ্ববাসীক। কেনিয়াৰ শিক্ষামন্ত্ৰী জুলিয়াছ ওগাম্বাই জানিবলৈ দিয়া মতে বৰ্তমানে জুই নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু আহত ছাত্ৰীসকলক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা হৈছে।কেনিয়াৰ আৱাসিক বিদ্যালয়ত জুই লগাটো প্ৰায় সাধাৰণ ঘটনা হৈ পৰিছে।