গুৱাহাটী, ১৭ জুলাই: ৰাজ্যত উদ্যোগ গঢ়ি তোলা আৰু আত্মনিয়োজনক উৎসাহিত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA)ৰ জৰিয়তে এতিয়ালৈকে মুঠ ৯৯,৯৭১ জন হিতাধিকাৰীক সামৰি লোৱা হৈছে। ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই আঁচনিখনে বিত্তীয় সহায়, উদ্যোগ বিকাশ কাৰ্যসূচী (EDP)ৰ প্ৰশিক্ষণ আৰু পৰামৰ্শৰ জৰিয়তে নতুন উদ্যোগীসকলক স্বাৱলম্বী হোৱাত সহায় কৰি আহিছে।
CMAAA ১.০ৰ অধীনত মুঠ ২৫,২৭৭ জন হিতাধিকাৰীক প্ৰথম কিস্তিৰ বিত্তীয় সহায় আগবঢ়োৱা হৈছিল। ইয়াৰে ২৫,০৫৬ জন সাধাৰণ শ্ৰেণীৰ আৰু ২২১ জন পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী। পিছত কাৰ্যক্ষমতাৰ মূল্যায়নৰ ভিত্তিত ১২,৯৭৬ জন হিতাধিকাৰীক দ্বিতীয় কিস্তিৰ সুদমুক্ত ঋণ অনুমোদন আৰু বিতৰণ কৰা হৈছে। আনহাতে, বাকী ১২,৩১৩ জন হিতাধিকাৰীৰ পুনৰ মূল্যায়ন পৰ্যায়ক্ৰমে সম্পন্ন কৰি যোগ্যসকলক দ্বিতীয় কিস্তি প্ৰদান কৰা হ’ব। মূল্যায়নৰ ক্ষেত্ৰত বিত্তীয় প্ৰদৰ্শন, হিচাপ-নিকাচ, কৰ্মসংস্থাপন সৃষ্টি আৰু উৎপাদনশীলতাক গুৰুত্ব দিয়া হৈছে।

উদ্যোগীসকলৰ দক্ষতা বৃদ্ধি আৰু বিত্তীয় সহায়ৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ সকলো জিলাত ৭৪,৬৯৪ জন হিতাধিকাৰীৰ বাবে উদ্যোগ বিকাশ কাৰ্যসূচী (EDP)ৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। এই প্ৰশিক্ষণ অহা ৩১ জুলাই, ২০২৬ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
অসম চৰকাৰে কয় যে, এই আঁচনিৰ জৰিয়তে ৰাজ্যত উদ্যোগী সংস্কৃতি গঢ়ি তুলি বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰাৰ লগতে আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে।