ASSAM| The Rashtriya Swayamsevak Sangh (RSS) will never see the sunset– former MP, Professor Rakesh Sinha : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেতিয়াও সূৰ্যাস্ত নেদেখে — প্ৰাক্তন সাংসদ, অধ্যাপক ৰাকেশ সিনহা

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেতিয়াও সূৰ্যাস্ত নেদেখে -- প্ৰাক্তন সাংসদ, অধ্যাপক ৰাকেশ সিনহা

গুৱাহাটী, ১৮ জুলাই-  গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশৱ ধামৰ শংকৰদেৱ সভাগৃহত আজি পূৰ্ব্বোত্তৰ ভাৰত অধ্যয়ন সমূহৰ উদ্যোগত তথা বৈচাৰিক প্ৰবোধন কৰ্মশালাৰ লগত সংগতি ৰাখি এখনি বিশেষ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয় ৷ ” পৰম পূজনীয় ডাঃ কেশৱ বলিৰাম হেডগেৱাৰ – সংঘ কাৰ্যৰ শতিকা ব্যাপী অনুপ্ৰেৰণা ” শীৰ্ষক মূল বিষয় হিচাপে লৈ অনুষ্ঠিত হোৱা বক্তৃতা অনুষ্ঠানখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা “আণ্ডাৰষ্টেণ্ডিং আৰ.এছ.এছ. (Understanding RSS) আৰু “ড° কে.বি. হেডগেৱাৰ” (Dr KB Hedgewar) গ্ৰন্থৰ লেখক চিন্তাবিদ ,অধ্যাপক ৰাকেশ সিনহা ৷

 

উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে আঁত ধৰা অনুষ্ঠানটিত সমল ব্যক্তি অধ্যাপক ৰাকেশ সিনহাই বক্তব্যত ডাঃ হেডগেৱাৰ জীৰ জীৱন আৰু কৃতি বিভিন্ন দিশ সম্পৰ্কে তাৎপৰ্যপূৰ্ণ আলোকপাত কৰে ৷ বিশেষকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাতা ডাঃ কেশৱ বলিৰাম হেডগেৱাৰৰ সাংগঠনিক বৈশিষ্ট্য ই কেনেদৰে ৰাস্ট্ৰীয় স্বয়ংসেৱক সংঘক একক আৰু অণন্য ৰূপত বিগত সময়ছোৱাত সামাজিক প্ৰেক্ষাপটত প্ৰাংসগিক কৰি ৰখা সন্দৰ্ভত আলোকপাত কৰে ৷ ডা: হেডগেৱাৰ ব্যক্তিবাদৰ বিৰোধী আছিল। সংঘত কেতিয়াও দুই বৰ্গৰ উপস্থিতি নাই। যিয়ে কেৱল ব্যক্তি সমানতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ এগৰাকী প্ৰয়োগধৰ্মী ব্যক্তি আছিলে তেওঁৰ প্ৰতিটো সাংগঠনিক প্ৰয়োগ মানৱ কল্যাণৰ নিমিত্তে আছিল বুলি সিনহাই মন্তব্য কৰে ৷

ASSAM| The Rashtriya Swayamsevak Sangh (RSS) will never see the sunset, it will remain with the sunrise -- former MP, Professor Rakesh Sinha : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেতিয়াও সূৰ্যাস্ত নেদেখে, সূৰ্যোদয়ৰ লগতে থাকিব সংঘ -- প্ৰাক্তন সাংসদ, অধ্যাপক ৰাকেশ সিনহা ৷
তেখেতে বক্তব্যত উল্লেখ কৰে যে -যেতিয়ালৈ হিন্দু সমাজৰ মনস্তাত্বিক ধাৰণাৰ পৰিবৰ্তন নহয়,যেতিয়া লৈ জাতি ভাষা গোষ্ঠী অভিধাৰে বিভক্ত হৈ থাকিব তেতিয়ালৈ এখন শক্তিশালী সু সংগঠিত সমাজৰ সৃষ্টি হ’ব নোৱাৰে৷ তদুপৰি তেখেতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে – জাতি ভাষা গোষ্ঠীৰ বিভক্ত কৰণেৰে এই সমাজ কেতিয়াও একত্ৰিকৰণ সম্ভৱ নহয়। অইন ধৰ্মীয় আগ্ৰাসনৰ বাবেই যদি এই সমাজ একত্ৰিকৰণৰ বাবে আগবাঢ়ে সেইয়া কেতিয়াও স্থায়ী হ’ব নোৱাৰে৷ জাতি অস্পৃশ্যতা ক্ষেত্ৰ ভাষা সকলোৰে উৰ্ধত উপবিষ্ট হৈ হিন্দু সমাজ একত্ৰিত হোৱা উচিত তেতিয়াহে সমাজখন শক্তিশালী হ’ব৷ আমি সকলো ভাৰত মাতাৰ সন্তান – এই ধ্যান ধাৰণা ৰে প্ৰত্যেক ই অগ্ৰসৰ হোৱা উচিত ৷

 

তদুপৰি তেখেতে উল্লেখ কৰে যে – ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কেতিয়াও সূৰ্যাস্ত নেদেখে৷ সংঘ সদায় সূৰ্যোদয়ৰ লগতেই বিৰাজমান৷ সমান্তৰাল ভাৱে সংঘই কেতিয়াও বৃদ্ধাৱস্থা নেদেখে সংঘ সদায় চিৰতৰুণ।আনহাতে, শাসক আৰু সংঘ সদায় পৃথক বুলি উল্লেখ কৰি সিনহাই সংঘৰ বিচাৰ শাসকৰ শ্ৰতলিপি মতে নচলে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ বক্তৃতা অনুষ্ঠানটিৰ সামৰণিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা কল্পনা বৰাই শলাগৰ শৰাই আগবঢ়ায়৷

You might also like
Leave A Reply

Your email address will not be published.