গুৱাহাটী, ১৩ আগষ্টঃ ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ মাজতে অসম চৰকাৰলৈ বৃহৎ আৰ্থিক সহায় আগবঢ়াইছে ONGC-য়ে। বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত ৰাজ্যখনৰ পুনৰুদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ বাবে প্ৰতিষ্ঠানটোৱে পৃথক পৃথক শিতানত মুঠ ৫০ কোটি টকা আগবঢ়াইছে।
ONGCৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশিৰ চেক অৰ্পণ কৰে। ইয়াৰে দুৰ্যোগৰ পৰা অসমক উদ্ধাৰ আৰু বান পৰিস্থিতি মোকাবিলাৰ বাবে ২৫ কোটি টকা, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকা আৰু বানত ক্ষতিগ্ৰস্ত ৭০০খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ বাবে ২০ কোটি টকা প্ৰদান কৰে।

দুৰ্যোগৰ সময়ত ONGCয়ে আগবঢ়োৱা এই বৃহৎ সহায়ৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠানটোক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ পুনৰুদ্ধাৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ সময়ত এই সহায়ে চৰকাৰৰ কাম-কাজত যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে।
বানপানীৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ সময়তে ONGCৰ এই ৫০ কোটি টকাৰ সহায় বানপীড়িত অসমৰ পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়াত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে।