গুৱাহাটী: ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অসম চৰকাৰ। ২০২৫ চনৰ ৩০ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ পূৰ্বৰ হত্যাৰ দোষী সাব্যস্তকৰণ সলনি কৰি হত্যাৰ পৰিৱৰ্তে হত্যাৰ সমতুল্য নোহোৱা দোষজনক নৰহত্যা হিচাপে গণ্য কৰিছিল আৰু অভিযুক্তসকলৰ মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰিছিল।
উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে Special Leave Petition (SLP) দাখিল কৰিছে। ৰাজ্য চৰকাৰৰ আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে গোচৰটোৰ সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰিছে। লগতে আবেদন দাখিলত হোৱা পলম ক্ষমা কৰি ৰাজ্য চৰকাৰৰ আবেদন আগবঢ়াই নিয়াৰ অনুমতিও দিছে। সংশ্লিষ্ট পক্ষসমূহক চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ৰাজ্য চৰকাৰৰ যুক্তি হৈছে, ডাঃ দেবেন দত্তৰ মৃত্যুৰ সৈতে জড়িত ঘটনাক্ৰমে এইটো কোনো আকস্মিক বা হঠাৎ সংঘটিত ঘটনা নহয়, বৰং পৰিকল্পিত আৰু সমন্বিত আক্ৰমণৰ ইংগিত বহন কৰে। সেয়েহে অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৪(II) প্ৰয়োগ কৰাৰ পৰিৱৰ্তে ধাৰা ৩০২ অৰ্থাৎ হত্যাৰ ধাৰাত দোষী সাব্যস্ত কৰা উচিত বুলি ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে।
ৰাজ্য চৰকাৰৰ হৈ জ্যেষ্ঠ অতিৰিক্ত মহাধিবক্তা চিন্ময় শৰ্মাৰ নেতৃত্বত অধিবক্তাৰ এটা দলে উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ চৰকাৰৰ পক্ষ আগবঢ়ায়।
উল্লেখ্য, ডাঃ দেবেন দত্ত এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসক আছিল। অৱসৰৰ পিছতো তেওঁ যোৰহাটৰ টীয়ক চাহ বাগিচাৰ চিকিৎসালয়ত স্বেচ্ছাসেৱী হিচাপে সেৱা আগবঢ়াই আছিল। ২০১৯ চনৰ আগষ্ট মাহত চাহ বাগিচাৰ একাংশ শ্ৰমিকৰ আক্ৰমণত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু ঘটে।
এই ঘটনাই সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ব্যাপক প্ৰতিবাদ সাব্যস্ত হৈছিল। গোচৰটোৰ বিচাৰৰ পাছত অভিযুক্তসকলক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই ৰায় সংশোধন কৰি দোষৰ ধাৰা সলনি কৰাৰ লগতে শাস্তি আজীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰে।
এতিয়া উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰাৰ পিছত সংশ্লিষ্ট পক্ষসমূহে চাৰি সপ্তাহৰ ভিতৰত নিজৰ বক্তব্য দাখিল কৰিব লাগিব। উত্তৰসমূহ দাখিল হোৱাৰ পিছত গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।