গুৱাহাটী : আৰক্ষীৰ সৈতে ভাল সম্পৰ্ক আছে, আৰক্ষীৰ ঘনিষ্ঠ ব্যক্তি অথবা আৰক্ষীৰ নাম ব্যৱহাৰ কৰি বিভিন্ন ধৰণেৰে ৰাইজক ভয়-ভাবুকি দি ধন সংগ্ৰহ কৰাৰ অভিযোগ এইসকল প্ৰৱঞ্চকৰ বিৰুদ্ধে উত্থাপিত হৈছে।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে জানিবলৈ দিয়া মতে, অভিযান অধিক তীব্ৰতৰ কৰা হৈছে। কেৱল অসমতে নহয়, ৰাজ্যৰ বাহিৰত থাকি প্ৰৱঞ্চনাৰ জাল পেলাই থকা লোকসকলকো গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

ইফালে, কাছাৰ জিলাত সৰ্বাধিক সংখ্যক প্ৰৱঞ্চক সক্ৰিয় হৈ থকাৰ তথ্য পোহৰলৈ অহা বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। জিলাখনতো অভিযান অধিক ব্যাপক ৰূপত চলোৱাৰ ইংগিত দিছে আৰক্ষীয়ে।
প্ৰৱঞ্চকৰ বিৰুদ্ধে চলোৱা এই অভিযান আগন্তুক দিনতো অব্যাহত থাকিব বুলি অসম আৰক্ষীয়ে স্পষ্ট কৰিছে।