ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ‘যুৱ সন্মিলন’ৰ আয়োজন
গুৱাহাটী: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সুদীৰ্ঘ ১০০ টা বৰ্ষ অতিক্ৰম কৰাৰ সময়ছোৱাত বছৰজুৰি সংঘই অনুষ্ঠিত কৰি থকা বিভিন্ন কাৰ্যসূচীৰ অংশস্বৰূপে দেশৰ গৌৰৱময় ইতিহাস তথা সংস্কৃতিক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মক ৰাষ্ট্ৰপ্ৰেমৰ প্ৰতি উদ্বুদ্ধ কৰাৰ মহান লক্ষ্যৰে আজি সংঘৰ মাধৱ নগৰৰ উদ্যোগত বৰবাৰীস্থিত সূদৰ্শনালয়ত প্ৰায় দুই শতাধিক যুৱকৰ উপস্থিতিত অনুষ্ঠিত হৈ যায় এক “যুৱ সন্মিলন।”
এই সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ ড° সুনীল মহান্তি আৰু অসম চৰকাৰৰ শিক্ষা সঞ্চালকালয়ৰ বিষয়া তথা মাধৱ নগৰৰ কাৰ্যবাহ অমৃতজ্যোতি মহন্ত। অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথিসকলৰ পৰিচয় দাঙি ধৰে মাধৱ নগৰৰ বৌদ্ধিক প্ৰমুখ ৰঞ্জু টেৰণে।সন্মিলনত উপস্থিত যুৱ প্ৰজন্মক উদ্দেশ্যি বৌদ্ধিক প্রদান কৰে ৰাষ্ট্ৰীয় স্বয়ংসংৱক সংঘৰ ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ ড° সুনীল মহান্তিয়ে।

ৰাষ্ট্ৰ নিৰ্মাণৰ স্বপ্নৰে নিস্বাৰ্থভাৱে দেশৰ সেৱাত ব্ৰতী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অবিৰত যাত্ৰাত ব্ৰতী হাজাৰ হাজাৰ যুৱ স্বয়ংসেৱকৰ ভূমিকাক সুঁৱৰি আজিৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰসেৱাত ব্ৰতী হ’বলৈ উদ্বুদ্ধ কৰে ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ গৰাকীয়ে।বৌদ্ধিকৰ পিছতেই এক মুকলি প্ৰশ্নোত্তৰ অনুষ্ঠান অনুষ্ঠিত হয় য’ত উপস্থিত যুৱ প্ৰজন্মৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰদান কৰে ড° সুনীল মহান্তিয়ে।প্ৰশ্নোত্তৰ শিতানৰ পিছতেই মাধৱ নগৰৰ স্বয়ংসেৱকসকলে শাখাৰ ব্যৱহাৰিক প্ৰদৰ্শন কৰে।