ASSAM | NIA arrested 6 in Assam: অসমত নিয়াৰ অভিযান, ৬ জন গ্ৰেপ্তাৰ

NIA arrested 6 in Assam

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ষড়যন্ত্ৰ আৰু উগ্ৰপন্থী মতাদৰ্শ বিস্তাৰৰ অভিযোগৰ তদন্তৰ মাজতে মঙলবাৰে অসমত ব্যাপক অভিযান চলালে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)-ই। বৰপেটা ৰোড, হাউলী আৰু সৰভোগৰ কেইবাটাও স্থানত একেলগে তালাচী চলাই ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বৰপেটা ৰোড, হাউলী আৰু সৰভোগত অভিযান

নিয়াৰ দলসমূহে বৰপেটা ৰোড চহৰৰ আজাদ নগৰ আৰু নিচুকা অঞ্চলত অভিযান চলোৱাৰ লগতে হাউলী আৰু সৰভোগতো কেইবাটাও স্থানত তালাচী চলায়। অভিযানত বৰপেটা ৰোডৰ দুজন, হাউলীৰ এজন আৰু সৰভোগৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰা দুজনক মুস্তাফিজুৰ ৰহমান আৰু ইয়াকুব আলী বুলি চিনাক্ত কৰা হৈছে।

জব্দ ইলেক্ট্ৰনিক সঁজুলি, নথি-পত্ৰ

অভিযানকালত কেইবাটাও ইলেক্ট্ৰনিক সঁজুলি, মোবাইল ফোন আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰা হয়। মুস্তাফিজুৰ ৰহমানৰ মোবাইল ফোনো নিয়াই জব্দ কৰা বুলি জানিব পৰা গৈছে। জব্দ কৰা সামগ্ৰীসমূহ পৰীক্ষা কৰাৰ পাছত তদন্তৰ সৈতে জড়িত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

তিনিখন ৰাজ্যৰ ১৬ স্থানত একেলগে অভিযান

অসমত চলোৱা এই অভিযান দেশৰ তিনিখন ৰাজ্যত একেলগে চলোৱা বৃহৎ অভিযানৰ অংশ। নিয়াৰ সূত্ৰ অনুসৰি, অসম, পশ্চিমবংগ আৰু কেৰালাৰ মুঠ ১৬টা স্থানত তালাচী চলোৱা হৈছে। ইয়াৰে অসমৰ ১০টা, পশ্চিমবংগৰ ৫টা আৰু কেৰালাৰ এটা স্থানত অভিযান চলোৱা হয়।

JMBৰ সৈতে সম্পৰ্কৰ অভিযোগ

তদন্তকাৰী সংস্থাৰ মতে, নিষিদ্ধ সংগঠন জামাত-উল-মুজাহিদিন বাংলাদেশ (JMB)-ৰ সৈতে সম্পৰ্ক থকা বুলি সন্দেহ কৰা ইমাম মাহমুদৰ কাফিলা (IMK)-ক কেন্দ্ৰ কৰি চলি থকা তদন্তৰ অংশ হিচাপেই এই অভিযান চলোৱা হৈছে। নিয়াৰ অভিযোগ অনুসৰি, IMKৰ সৈতে জড়িত লোকসকলে অসমসহ উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিমবংগত উগ্ৰপন্থী মতাদৰ্শ বিস্তাৰৰ চেষ্টা চলাইছিল।

পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল মুস্তাফিজুৰ

ইফালে, স্থানীয় সূত্ৰৰ তথ্য অনুসৰি, আজাদ নগৰৰ বাসিন্দা তথা বৰপেটা ৰোডত কাপোৰৰ ব্যৱসায় কৰা মুস্তাফিজুৰ ৰহমানক ইয়াৰ পূৰ্বে ১৪ মাৰ্চত অসম আৰক্ষীৰ বিশেষ কাৰ্যদল (STF)-এ উগ্ৰপন্থী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। পিছত তেওঁক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল আৰু প্ৰায় দুমাহ পূৰ্বে মুকলি কৰি দিয়া হৈছিল বুলি জানিব পৰা গৈছে। পুনৰ নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱাক লৈ তদন্তত নতুন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা দেখা দিছে।

১১জনৰ বিৰুদ্ধে অভিযোগনামা

উল্লেখ্য যে, সংশ্লিষ্ট সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত নিয়াই ইতিমধ্যে ১১জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। তদন্তকাৰী সংস্থাৰ অভিযোগ অনুসৰি, অভিযুক্তসকলে IMKৰ সৈতে জড়িত এক ষড়যন্ত্ৰৰ অংশ হিচাপে পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অসম, ত্ৰিপুৰাকে ধৰি বিভিন্ন ৰাজ্যত সংগঠনটোৰ মতাদৰ্শ বিস্তাৰৰ চেষ্টা চলাইছিল।

You might also like
Leave A Reply

Your email address will not be published.