নতুন দিল্লী: মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সিদ্ধান্ত গ্ৰহণৰ পদ্ধতিক লৈ দাখিল কৰা এখন আবেদন অহা সপ্তাহত শুনানি গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে।
আবেদনখনত অভিযোগ কৰা হৈছে যে নিৰ্বাচন আয়োগৰ আন দুগৰাকী আয়ুক্তৰ সন্মতি অবিহনে মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে কেতবোৰ সিদ্ধান্ত একপক্ষীয়ভাৱে গ্ৰহণ কৰিছিল। এই অভিযোগৰ ভিত্তিত তেওঁক দায়িত্ব পালনৰ পৰা বিৰত ৰখাৰ নিৰ্দেশ বিচৰা হৈছে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে গোচৰটো অহা সপ্তাহত তালিকাভুক্ত কৰাৰ অনুৰোধ জনায়। আবেদনখনত যোৱা বছৰৰ অক্টোবৰৰ পৰা আয়োগে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ সম্পূৰ্ণ নথি তলব কৰাৰ লগতে অভিযোগ সত্য বুলি প্ৰাথমিকভাৱে প্ৰতীয়মান হ’লে তদন্ত সমিতি বা বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ বাবেও আবেদন জনোৱা হৈছে।
অৱশ্যে, উত্থাপিত অভিযোগসমূহৰ সত্যতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এতিয়াও কোনো সিদ্ধান্ত দিয়া নাই। অহা সপ্তাহৰ শুনানিত আদালতৰ পৰৱৰ্তী নিৰ্দেশৰ ওপৰত এতিয়া দৃষ্টি নিবদ্ধ হৈছে।