ASSAM | 21 Assam Rifles killed in NSCN(K-YA) firing: NSCN(K-YA)-ৰ গুলীচালনাত ২১ অসম ৰাইফলছৰ জোৱান নিহত

21 Assam Rifles killed in NSCN(K-YA) firing

 

গুৱাহাটী: পাংচাওপাছৰ সমীপত সীমান্তৰ ফেন্স সুৰক্ষা কৰ্তব্যত নিয়োজিত নিৰাপত্তাৰক্ষীৰ এটা দলৰ ওপৰত মঙলবাৰে পুৱা সশস্ত্ৰ আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত ২১ নং অসম ৰাইফলছৰ এজন হাবিলদাৰ নিহত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা প্ৰায় ৬.৩০ বজাত পাংচাও পাছৰ সমীপৰ BP-173ৰ ওচৰত এই আক্ৰমণ সংঘটিত হয়। হেডকোৱাৰ্টাৰ ২৫ ছেক্টৰ অসম ৰাইফলছৰ অধীনস্থ ২১ অসম ৰাইফলছৰ সীমান্ত ফেন্স সুৰক্ষা দলটোক লক্ষ্য কৰি NSCN(K-YA)-ৰ এটা সশস্ত্ৰ দলে দূৰৰ পৰা গুলীচালনা কৰে।

অকস্মাত চলোৱা এই আক্ৰমণত ২১ অসম ৰাইফলছৰ হাবিলদাৰ জাংখোকাই কুকি গুলীবিদ্ধ হয়। গুৰুতৰভাৱে আহত জোৱানজনক উদ্ধাৰৰ চেষ্টা চলোৱা হয় যদিও পিছত তেওঁ নিহত হোৱা বুলি জানিব পৰা গৈছে।

আক্ৰমণৰ পাছত ব্যাপক অভিযান

ঘটনাৰ পাছতে পাংচাও পাছৰ সমীপৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। আক্ৰমণকাৰীসকলৰ সন্ধানত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।

ইফালে, আক্ৰমণটো কেনেদৰে সংঘটিত হ’ল আৰু ইয়াৰ আঁৰত থকা লোকসকলৰ সন্ধানত তদন্ত অব্যাহত আছে। সীমান্ত অঞ্চলটোত নিৰাপত্তা বাহিনীৰ তৎপৰতা বৃদ্ধি কৰাৰ লগতে সম্ভাব্য আক্ৰমণকাৰীৰ গতিবিধিৰ ওপৰতো নজৰ ৰখা হৈছে।

এই আক্ৰমণৰ ফলত সীমান্ত সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষীসকলৰ মাজত নতুনকৈ সতৰ্কতা বৃদ্ধি কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.