গুৱাহাটী, ১৬ অক্টোবৰঃ জুবিন গাৰ্গৰ মৃ/ত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত সন্দীপন গাৰ্গে লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে সন্দীপন গাৰ্গক জামিন প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে এই গোচৰৰ আন এগৰাকী অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰিছিল।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃ/ত্যুৰ ঘটনাৰ তদন্তৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল সন্দীপন গাৰ্গক। জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গৈছিল সন্দীপন। এই গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা কাৰাবন্দী হৈ আছিল।
বিগত প্ৰায় এবছৰ ধৰি কাৰাগাৰত বন্দী হৈ আছিল সন্দীপন গাৰ্গ। বাক্সা কাৰাগাৰত আন এগৰাকী অভিযুক্ত শ্যামকানু মহন্তৰ সৈতে বন্দী হৈ আছিল তেওঁ।
সন্দীপন গাৰ্গে জামিন লাভ কৰাৰ খবৰে জুবিন গাৰ্গৰ মৃ/ত্যুৰ গোচৰটোক পুনৰ চৰ্চালৈ আনিছে। ইয়াৰ পূৰ্বে অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে জামিন লাভ কৰাটো গোচৰটোৰ এক উল্লেখযোগ্য পৰিঘটনা হিচাপে বিবেচিত হৈছে।
