ASSAM | BMC demolishes portions of Ajay Devgn’s bungalow : অজয় দেৱগণৰ ঘৰ কোনে ভাঙিলে?

ASSAM | BMC demolishes portions of Ajay Devgn's bungalow : অজয় দেৱগণৰ ঘৰ কোনে ভাঙিলে?

 

মুম্বাই, ১৭ অক্টোবৰঃ বলীউডৰ ‘সিংহম’খ্যাত অভিনেতা অজয় দেৱগণৰ বাসগৃহক লৈ সৃষ্টি হৈছে চৰ্চা। অভিনেতাগৰাকীৰ মুম্বাইৰ জুহুত অৱস্থিত বাংলোৰ একাংশত উচ্ছেদ অভিযান চলাইছে মুম্বাই পৌৰ নিগমে। প্ৰকাশিত বাতৰি অনুসৰি, বাংলোটোৰ আংশিক অংশ বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে।

জানিব পৰা মতে, বাংলোটো নিৰ্মাণৰ ক্ষেত্ৰত আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই পূৰ্বেই জাননী প্ৰেৰণ কৰিছিল অভিনেতাগৰাকীলৈ। তাৰ পাছতে বাংলোটোৰ একাংশ ভাঙি পেলোৱাৰ পদক্ষেপ গ্ৰহণ কৰে মুম্বাই পৌৰ নিগমে।

https://adtu.in/
https://adtu.in/

উল্লেখ্য যে, বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণে ‘সিংহম’কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। অভিনেতাগৰাকীৰ বাসগৃহত পৌৰ নিগমৰ এই উচ্ছেদ অভিযানৰ ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.