ASSAM | Bhupen Hazarika award : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

ASSAM | Bhupen Hazarika award : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ নামত আন্তঃৰাষ্ট্ৰীয় বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ

প্ৰথমবাৰৰ বাবে বঁটা লাভ কৰিব যশস্বী গায়িকা উষা মংগেশকাৰে

গুৱাহাটীঃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী অৱদানক বিশ্বদৰবাৰত অধিক মৰ্যাদা প্ৰদানৰ লক্ষ্যৰে তেওঁৰ নামত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। আজি অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, প্ৰতি তিনি বছৰৰ মূৰে মূৰে প্ৰদান কৰা হ’ব এই সন্মানীয় বঁটা। বঁটাটোৰ সৈতে থাকিব ১০ লাখ টকাৰ নগদ ধন আৰু এখন প্ৰশস্তি-পত্ৰ। ড০ ভূপেন হাজৰিকাৰ কৰ্মৰাজি আৰু সৃষ্টিশীল ক্ষেত্ৰসমূহৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক এই বঁটাৰে সন্মানিত কৰা হ’ব।

এইবছৰ প্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব ভাৰতৰ যশস্বী গায়িকা উষা মংগেশকাৰক। অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া সুধাকণ্ঠৰ বছৰজোৰা জন্ম-জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰিব।

https://adtu.in/

উল্লেখ্য যে, ড০ ভূপেন হাজৰিকাই সংগীত, সাহিত্য, চলচ্চিত্ৰ আৰু সামাজিক জীৱনৰ জৰিয়তে অসমীয়া সংস্কৃতিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰি গৈছে। তেওঁৰ এই অনন্য অৱদানক সন্মান জনোৱাৰ লগতে তেওঁৰ সৃষ্টিৰাজিৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলক স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।

ইফালে, ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় বঁটাৰ ধনৰাশিও বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা এই বঁটাৰ সৈতে ১৫ লাখ টকাৰ নগদ ধন প্ৰদান কৰা হ’ব।

অসমৰ দুগৰাকী মহান মনীষীৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই সিদ্ধান্তই ৰাজ্যৰ সাংস্কৃতিক ঐতিহ্যক অধিক উজলাই তোলাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গৌৰৱময় পৰিচয় অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.