ASSAM | Attack on Bihu artists during the immersion procession in Shreebhumi: শ্ৰীভূমিত বিসৰ্জনৰ শোভাযাত্ৰাত বিহু শিল্পীৰ ওপৰত আক্ৰমণ

Attack on Bihu artists during the immersion procession in Shreebhumi: শ্ৰীভূমিত বিসৰ্জনৰ শোভাযাত্ৰাত বিহু শিল্পীৰ ওপৰত আক্ৰমণ

শ্ৰীভূমি, ২৫ অক্টোবৰঃ প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা বিহু শিল্পীৰ ওপৰত আক্ৰমণৰ অভিযোগক কেন্দ্ৰ কৰি শ্ৰীভূমিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ মাজতে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত হিন্দুস্থান ক্লাবৰ ১৩জন সদস্যক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়।

প্ৰাপ্ত অভিযোগ অনুসৰি, হিন্দুস্থান ক্লাবৰ প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাত অংশগ্ৰহণৰ বাবে শ্ৰীভূমিৰ আদৰকোনা আৰু বৰগুলৰ পৰা বিহু দলক আমন্ত্ৰণ জনোৱা হৈছিল। সেই অনুসৰি, বিহু শিল্পীসকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰি বিসৰ্জন ঘাটৰ দিশে আগবাঢ়ি গৈ থকা অৱস্থাত একাংশ লোকৰ সৈতে তেওঁলোকৰ বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটে। পৰৱৰ্তী সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু অভিযোগ অনুসৰি, একাংশ লোকে বাঁহেৰে বিহু শিল্পীসকলৰ ওপৰত আক্ৰমণ চলায়।

এই ঘটনাত কেইবাজনো বিহু শিল্পী আহত হয়। ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনাটোক লৈ বিহু কমিটিৰ ফালৰ পৰা আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হয়। ইয়াৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি হিন্দুস্থান ক্লাবৰ ১৩জন সদস্যক গ্ৰেপ্তাৰ কৰে। লগতে ঘটনাৰ তদন্তৰ স্বাৰ্থত প্ৰতিমা কঢ়িয়াই নিয়া ট্ৰাক, জেনেৰেটৰ আৰু ছাউণ্ড চিষ্টেম জব্দ কৰা বুলি জানিব পৰা গৈছে।

প্ৰতিমা বিসৰ্জনৰ শোভাযাত্ৰাৰ মাজত সংঘটিত এই ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.