ডিএ বৃদ্ধিৰ দাবী সদৌ অসম কৰ্মচাৰী পৰিষদৰDA increase demanded by Sadao Assam Karmachari Parishad

ডিএ বৃদ্ধিৰ দাবী সদৌ অসম কৰ্মচাৰী পৰিষদৰ

গুৱাহাটী, ৩ নৱেম্বৰঃ অসম চৰকাৰৰ কৰ্মচাৰী, শিক্ষক, বিষয়া আৰু পেঞ্চনাৰসকলৰ বাবে ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া মৰগীয়া বানচ বৃদ্ধি শীঘ্ৰে ঘোষণা কৰাৰ দাবী জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। লগতে বকেয়া মৰগীয়া বানচৰ সমুদায় ধন দীপাৱলীৰ পূৰ্বে এককালীনভাৱে আদায় দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে সংগঠনটোৱে।

এই সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰি বিষয়টোত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছে। সংগঠনটোৰ সভাপতি কুমুদ কুমাৰ কটকী আৰু সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি ভূঞাই যৌথভাৱে স্বাক্ষৰ কৰা স্মাৰক-পত্ৰখনত বিত্ত বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

Related Posts

down town University

স্মাৰক-পত্ৰখনত উল্লেখ কৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে নিজৰ কৰ্মচাৰীসকলৰ বাবে ২০২৬ চনৰ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ মৰগীয়া বানচ বৃদ্ধিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়েহে অসম চৰকাৰৰ কৰ্মচাৰী, শিক্ষক, বিষয়া আৰু পেঞ্চনাৰসকলকো একেধৰণৰ সুবিধা প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে পৰিষদে। সংগঠনটোৰ মতে, দীপাৱলীৰ পূৰ্বে বৰ্ধিত মৰগীয়া বানচ আৰু দীৰ্ঘদিনীয়া বকেয়া ধন একেলগে মোকলাই দিলে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যথেষ্ট আৰ্থিক সকাহ লাভ কৰিব।

ইয়াৰ ফলত উৎসৱৰ সময়ছোৱাত পৰিয়ালসমূহৰ ব্যয় ক্ষমতাও বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে সংগঠনটোৱে। ইফালে, ৰাজ্যৰ প্ৰশাসনিক আৰু উন্নয়নমূলক কাম-কাজ ৰূপায়ণত চৰকাৰী কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ অৱদানৰ কথাও স্মাৰক-পত্ৰখনত উল্লেখ কৰা হৈছে। কৰ্মচাৰীসকলৰ ন্যায্য আৰ্থিক দাবীসমূহ সময়মতে পূৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে পৰিষদে।

You might also like
Leave A Reply

Your email address will not be published.