অসমীয়া সাংস্কৃতিক জগতত শোকৰ ছাঁ shadow of mourning in the Assamese cultural world

অভিনেতা অপূৰ্ব কুমাৰ ডেকাৰ দেহাৱসান

গুৱাহাটীঃ অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিক জগতৰ জনপ্ৰিয় অভিনেতা অপূৰ্ব কুমাৰ ডেকা, যাক দৰ্শকে ‘অপু অনিৰুদ্ধ’ নামেৰে চিনি পাইছিল, আৰু নাই। ৪৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। তেওঁৰ আকস্মিক বিয়োগৰ খবৰে অসমীয়া সাংস্কৃতিক জগতখনত গভীৰ শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, দেওবাৰে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ পিছতে অভিনেতাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। বিগত প্ৰায় দুটা দশক ধৰি অপূৰ্ব কুমাৰ ডেকা অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক আৰু সাংস্কৃতিক জগতৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল।

Related Posts

down town University

সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ ‘ৰতনপুৰ’ত ‘মদন’ চৰিত্ৰত অভিনয় কৰাই আছিল তেওঁৰ শেষ অভিনয়সমূহৰ অন্যতম। অভিনয়ৰ সমান্তৰালকৈ চিত্ৰনাট্য ৰচনা, সংলাপ ৰচনা আৰু পৰিচালনাৰ ক্ষেত্ৰতো নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল অপুৱে। সাংস্কৃতিক ক্ষেত্ৰখনত সক্ৰিয় হৈ থকাৰ লগতে তেওঁ আছিল এগৰাকী অতি পৰিশ্ৰমী ব্যক্তি।

জীৱিকাৰ তাগিদাত ঘৰতে এখন সৰু গেলামালৰ দোকান আৰু নাৰ্চাৰীও স্থাপন কৰিছিল। গুৱাহাটীৰ চন্দ্ৰপুৰৰ নিৱাসী অভিনেতাগৰাকীয়ে মৃত্যুৰ সময়ত পত্নী আৰু এটি ছয় বছৰীয়া সন্তানক এৰি থৈ গৈছে। অসমীয়া সাংস্কৃতিক জগতলৈ আগবঢ়াই যোৱা অৱদানৰ বাবে অপূৰ্ব কুমাৰ ডেকা দৰ্শক আৰু অনুৰাগীৰ মাজত সদায় স্মৰণীয় হৈ ৰ’ব। তেওঁৰ অকাল বিয়োগত শোক প্ৰকাশ কৰিছে সাংস্কৃতিক জগতৰ লগতে অসংখ্য অনুৰাগীয়ে।

You might also like
Leave A Reply

Your email address will not be published.