সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান
গুৱাহাটী, ৩নবেম্বৰ: ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানটি নতুন দিল্লীত নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যচৰকাৰে গঠন কৰা বিভিন্ন সমিতিৰ সদস্য সচিবসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত আজি জনতা ভৱনৰ মন্ত্ৰীৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হয়।
বৈঠকত আগন্তুক সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি, বিভিন্ন সমিতিৰ মাজত সমন্বয় আৰু দায়িত্বসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে প্ৰতিটো দিশৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। । নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীসকলৰ অংশগ্ৰহণৰে আয়োজিত হ’ব লগা অনুষ্ঠানটিৰ প্ৰতিটো পৰ্যায় যাতে সুচাৰুৰূপে আৰু সুনিয়ন্ত্ৰিতভাৱে সম্পন্ন হয়, তাৰ বাবে সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ ওপৰত বৈঠকত গুৰুত্ব আৰোপ কৰা হয়।
এই সামৰণি অনুষ্ঠান কেৱল এগৰাকী মহান শিল্পীৰ জীৱনযাত্ৰাৰ উদযাপনেই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে অসমৰ চহকী সাংস্কৃতিও বাংময় হ’ব।

ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী,সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাসকে ধৰি ভালে সংখ্যক উচ্চ পদস্থ বিষয়া উপস্থিত থকা সভাখনত শতবার্ষিকীৰ সামৰণি অনুষ্ঠানটিত যাতে কোনো ধৰণৰ খুট ৰৈ নাযায় তাৰ বাবে সকলো নিয়াৰিকৈ সম্পন্ন হোৱাৰ ক্ষেত্রত বৈঠকত সাংস্কৃতিক মন্ত্রী বড়াই গুৰুত্ব দিয়ে।
ইয়াৰ পাছতে সাংস্কৃতিক মন্ত্রী গৰাকীৰ অধ্যক্ষতাত জনতা ভৱনৰ আন এখন সভাত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই আয়োজন কৰিবলৈ লোৱা সাংস্কৃতিক কাৰ্যসূচী সন্দৰ্ভত বিশেষজ্ঞ সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়। অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্র দাস, সদানন্দ গগৈ, মনিষা হাজৰিকা, ৰূপম তালুকদাৰ, কমল কটকী, ৰামেশ্বৰ তালুকদাৰ, ৰঞ্জিত গগৈ আদিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত জন্ম শতবার্ষিকীৰ সামৰণি সমাৰোহত পৰিৱেশন কৰিবলগা গীতৰ সৈতে থকা নৃত্যাংশ সংৰচনা,অনুষ্ঠানৰ পৰিকল্পনা, আলোক চিত্ৰৰ আৰ্হি, শিল্পী সকলে পৰিৱেশন কৰিবলগা সংগীতানুষ্ঠানৰ সন্দৰ্ভতো আলোচনা কৰা হয়। সভাত মন্ত্রী বিমল বডাই এই সন্দৰ্ভত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে।