ৰঙাজানৰ ভয়ংকৰ দুৰ্ঘটনা এম পি ট্ৰেভেলাৰৰ মালিক আঞ্জিৰ আলী আৰক্ষীৰ জালত

ৰঙাজানৰ ভয়ংকৰ দুৰ্ঘটনা

এম পি ট্ৰেভেলাৰৰ মালিক আঞ্জিৰ আলী আৰক্ষীৰ জালত

বোকাখাত, ১৪ নৱেম্বৰঃ কাজিৰঙাৰ ৰঙাজানত ২৬জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই ঘটনাৰ সৈতে জড়িত এম পি ট্ৰেভেলাৰখনৰ মালিক আঞ্জিৰ আলীক আটক কৰিছে বোকাখাত আৰক্ষীয়ে।

Related Posts

জানিব পৰা মতে, ৬০ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিক বাহনখনৰ চালক হিচাপে নিয়োগ কৰাৰ লগতে ট্ৰেভেলাৰখনৰ বিৰুদ্ধে পূৰ্বেও একাধিকবাৰ যান-বাহন আইন উলংঘা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ইতিমধ্যে আৰক্ষীয়ে ট্ৰেভেলাৰখনৰ মালিক আঞ্জিৰ আলীক আটক কৰি ন্যায়ালয়ত হাজিৰ কৰাইছে।

২৬জনকৈ লোকৰ মৃত্যুৰ কাৰণ হোৱা এই শোকাৱহ দুৰ্ঘটনাৰ পিছত বাহনখনৰ মালিকৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

You might also like
Leave A Reply

Your email address will not be published.